কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ফলাফলত উজলিল নগাঁৱৰ ভাস্বত শইকীয়া...

উক্ত পৰীক্ষাৰ ঘোষিত ফলাফলত নগাঁৱৰ ভাস্বত শইকীয়াই ৪৭৪ সংখ্যক স্থানেৰে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া অৰ্থাৎ আই পি এছৰ স্থান অধিকাৰ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

author-image
Asomiya Pratidin
New Update
cgfghcgvhjh

ডিজিটেল সংবাদ,নগাঁও: আজি ২০২৪ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগ (ইউপিএছ চি)ৰ পৰীক্ষাৰ ফলাফল ঘোষণা হয় ৷ উক্ত পৰীক্ষাৰ ঘোষিত ফলাফলত নগাঁৱৰ ভাস্বত শইকীয়াই ৪৭৪ সংখ্যক স্থানেৰে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া অৰ্থাৎ আই পি এছৰ স্থান অধিকাৰ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।

Advertisment

এইবাৰ উক্ত পৰীক্ষাৰ ঘোষিত ফলাফলত মুঠ ১০০৯ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হোৱা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে-বিগত ২০২৩ চনৰ লোকসেৱা আয়োগৰ পৰীক্ষাত মুঠ ১০১৬ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছিল। ২০২৩ বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলতো নগাঁৱৰ ভাস্বত শইকীয়াই ৫৫২ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ।

ইয়াৰ পূৰ্বে আই এফ এছত স্থান লাভ কৰিছিল ভাস্বত শইকীয়াই ।  নগাঁও চহৰৰ সমীপবৰ্তী ডিফলুৰ বীৰেন্দ্ৰ নাথ শইকীয়া আৰু দিব্যজ্যোতি শইকীয়াৰ পুত্ৰ ভাস্বত শইকীয়াই ।

কেন্দ্ৰীয় লোকসেৱা আয়োগ