কাছমাৰীত অবৈধভাৱে বালি তোলা যন্ত্ৰাংশ জব্দ...

অবৈধ ব্যৱসায়ৰ সৈতে জড়িত সকলক কৰায়ত্ত কৰাত অসমৰ্থ বন বিভাগ

author-image
Asomiya Pratidin
New Update
কাছমাৰীত অবৈধভাৱে বালি তোলা যন্ত্ৰাংশ জব্দ...

কাছমাৰীত অবৈধভাৱে বালি তোলা যন্ত্ৰাংশ জব্দ

ডিজিটেল সংবাদ ,বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়া অঞ্চলৰ কাছমাৰীত সোমবাৰে বিয়লি বন বিভাগে অভিযান চলাই অবৈধভাৱে ভূ-গৰ্ভৰ পৰা বালি তোলা যন্ত্ৰাংশ জব্দ কৰিবলৈ সক্ষম হয় । এক অসাধু চক্ৰই কাছমাৰীৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সমীপত এই বালি তোলা যন্ত্ৰটি স্থাপন কৰি ভূ-গৰ্ভৰ পৰা দীৰ্ঘদিন ধৰি বালি সংগ্ৰহ কৰি ইটাভাটা সমূহত বিক্ৰী কৰি আহিছিল ।

Advertisment

বিয়লি গোপন খবৰৰ ভিত্তিত নগাঁও বন সংমণ্ডলৰ বনাঞ্চলিক বিষয়া কল্যাণী মালাকাৰৰ নেতৃত্বত বন বিভাগৰ এটা দলে অভিযান চলাই এই নীতি বৰ্হিভূত কাৰ্যত ব্যৱহাৰ কৰি থকা যন্ত্ৰাংশ জব্দ কৰে । অৱশ্যে এই অবৈধ ব্যৱসায়ৰ সৈতে জড়িত সকলক কৰায়ত্ত কৰাত অসমৰ্থ হয় বন বিভাগ ।

উল্লেখ্য যে,বন সুৰক্ষা আইনক অংগুষ্ঠ প্ৰদৰ্শন কৰি একাংশ দুষ্ট প্ৰকৃতিৰ লোকে ধাৰাবাহিকভাৱে বন সম্পদৰ ওপৰত লুণ্ঠন অব্যাহত ৰাখি প্ৰাকৃতিক ভাৰসাম্যৰ প্ৰতি ভাবুকি নমাই আনিছে ।

আৰু পঢ়কঃ সাম্প্ৰদায়িক মন্তব্য কৰাৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে গোচৰ ৰুজু...

nagaon bebejiya