/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/8876d920-987f-4c1a-b506-3d091d325b88/agri.jpg)
সজাগতা সভা
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প (APART), অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ কৃষি বিপণন অনুসন্ধান তথ্য কোষ (AMIU) আৰু কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ উদ্যোগত বুধবাৰে "কৃষি উৎপাদিত সামগ্ৰীৰ বিপণনত তথ্যৰ প্ৰয়োজনীয়তা" শীৰ্ষক সজাগতা সভা অনুষ্ঠিত কৰে।
এপাৰ্টৰ বিষয়া গায়ত্ৰী গোস্বামীয়ে আঁত ধৰা সভাৰ আৰম্ভণিতে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ড০ নিৰঞ্জন ডেকাই সভাৰ উদেশ্যে ব্যখ্যা কৰি "কৃষকৰ উৎপাদিত সামগ্ৰী নিৰ্দিষ্ট বজাৰলৈ নি তাৰ প্ৰকৃত মূল্য নিৰ্ধাৰণ কৰি, কৃষকক কেনেদৰে লাভাম্বিত কৰিব পাৰি" উক্ত বিষয় সন্দৰ্ভত সাৱলীলভাৱে বিশ্লেষণ কৰে।
নগাঁও জিলাৰ শিমলুগুৰিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ সভাগৃহত অনুষ্ঠিত সভাত উপস্থিত থাকি অসম কৃষি বিশ্ববিদ্যালয় কৃষি অৰ্থনীতি বিভাগৰ মূৰব্বী অধ্যাপিকা ড০ নিবেদিতা ডেকা, সম্প্ৰসাৰণ শিক্ষা বিভাগৰ অধ্যাপক ড০ উৎপল বৰ্মন, নগাঁও জিলা কৃষি বিষয়া ৰঞ্জন ডেকা, অসম কৃষি বানিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্পৰ তথ্য বিশ্লেষক ড০ ববান বায়ন, বাণিজ্য বিশেষজ্ঞ নৱীন সাগৰ, আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ মুখ্য বিজ্ঞানী ড০ অমল চন্দ্ৰ শৰ্মাই "কৃষকৰ উৎপাদিত সামগ্ৰীৰ উপভোক্তাৰ চাহিদা, বজাৰ প্ৰতিযোগিতা আদি বিষয় সমূহৰ সম্পৰ্কে আলোচনা কৰে।
কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ বিজ্ঞানী সকল, কৰ্মচাৰী বৃন্দ, নগাঁও জিলাৰ বিভিন্ন ঠাইৰ কৃষক উৎপাদক কোম্পানীৰ সদস্য, কৃষক উৎপাদক সংস্থাৰ সদস্য আৰু প্ৰগতিশীল কৃষকৰ উপস্থিতিত অনুুষ্ঠিত সভাৰ শেষত কৃষি বিপণন অনুসন্ধান তথ্য কোষৰ দ্বাৰ প্ৰস্তুত কৰা "কৃষি উৎপাদিত সামগ্ৰীৰ বিপণনত তথ্যসমৃদ্ধ এটি ৱেব ছাইটৰ বিষয়ে বিশ্লেষণ কৰে।