নগাঁৱৰ চলচলিত অবৈধ গো - মাংসৰ বিপনীত অভিযান : দুদিনত ২৪ জনক গ্ৰেপ্তাৰ

নগাঁও আৰক্ষীয়ে গো - সুৰক্ষা আইনৰ অধীনত মঙলবাৰৰ পৰা জিলাখনৰ বিভিন্ন স্থানত গো - মাংসৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। মঙ্গলবাৰে বৰবজাৰৰ কেইবাখনো হোটেলৰ পৰা গো মাংস জব্দ কৰাৰ লগতে হোটেল কেইখন ছীল কৰি দিয়ে।

author-image
Asomiya Pratidin
New Update
jhfg
ডিজিটেল সংবাদ , নগাঁও : নগাঁও আৰক্ষীয়ে গো - সুৰক্ষা আইনৰ অধীনত মঙলবাৰৰ পৰা জিলাখনৰ বিভিন্ন স্থানত গো - মাংসৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। মঙ্গলবাৰে বৰবজাৰৰ কেইবাখনো হোটেলৰ পৰা গো মাংস জব্দ কৰাৰ লগতে হোটেল কেইখন ছীল কৰি দিয়ে।
Advertisment
এনে সময়তে বুধবাৰে বিয়লি হয়বৰগাঁও আৰক্ষীয়ে নগাঁও চহৰৰ সমীপৰ চলচলিত অবৈধ গো -  মাংসৰ বিৰুদ্ধে অভিযান চলায়। আজি চলোৱা অভিযানৰ সময়ত আৰক্ষীয়ে চলচলিৰ চাৰিখন অবৈধ গো - মাংসৰ বিপনীত অভিযান চলায়।
অভিযানৰ সময়ত আৰক্ষীয়ে বুজন পৰিমাণৰ গো - মাংস জব্দ কৰাৰ লগতে চৰফাত আলি নামৰ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে চাৰিজন গো মাংস ব্যৱসায়ী পলাই যাবলৈ সক্ষম হয়।
আৰক্ষীয়ে এই ব্যৱসায়ীসকলে অবৈধ ভাবে জব্দ কৰি ৰখা চাৰিটা গৰু জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে নগাঁও আৰক্ষীয়ে কালি জিলাখনৰ নগাঁও চহৰ ,কচুৱা ,চামগুৰি , ৰূপহী , ৰহা আদি অঞ্চলত অভিযান চলাই বুজন পৰিমাণৰ গো - মাংস জব্দ কৰাৰ লগতে ২৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী সুত্ৰই জনোৱা মতে এই অবৈধ ব্যৱসায় নিৰ্মুল নোহোৱা পৰ্যন্ত চলিব।
নগাঁও নগাঁও আৰক্ষী