শাৰিৰীক নিৰ্যাতনৰ তদন্তৰ মাজতে নিলম্বন নাগালেণ্ডৰ প্ৰশাসনিক বিষয়া...

নাগালেণ্ড ৰাজ্যিক মহিলা আয়োগে যৌন নিৰ্যাতনৰ অভিযোগ দাখিল কৰাৰ পিছতে ৰাজ্যখনৰ বিত্ত বিভাগৰ সম্পাদক হিচাপে নিযুক্তি পোৱা ৰেনী উইলফ্ৰেডক তদাৰকীৰ আওতালৈ অনা হয়

author-image
Asomiya Pratidin
New Update
1rany

ডিজিটেল ডেস্কঃ  নাগালেণ্ডৰ এজন ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ) বিষয়াৰ বিৰুদ্ধে দাখিল কৰা শাৰিৰীক নিৰ্যাতনৰ অভিযোগৰ তদন্ত আৰম্ভ হোৱাৰ পিছতে ৰাজ্য চৰকাৰে তেওঁক নিলম্বন কৰিছে।

Advertisment

বুধবাৰে মুখ্য সচিব জে আলমে স্বাক্ষৰিত এক আদেশমৰ্মে তেওঁক তদন্তৰ অধীনত থকা অপৰাধৰ বিষয়ে উল্লেখ কৰি নিলম্বিত কৰা হৈছে। ৰাজ্যখনৰ বিত্ত বিভাগত সচিব হিচাপে নিযুক্তি পোৱা ৰেনি উইলফ্ৰেডক নিলম্বনৰ সময়ছোৱাত কোহিমাৰ কৰ্মচাৰী আৰু প্ৰশাসনিক সংস্কাৰ বিভাগত ৰখা হ'ব। অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰিছে বিষয়া গৰাকীয়ে।

লক্ষ্যণীয় যে, মুখ্য সচিবৰ অনুমতি অবিহনে তেওঁ মুখ্য কাৰ্যালয়ৰ পৰা ওলাই যাব নোৱাৰে ৰেনি উইলফ্ৰেড।নাগালেণ্ড ৰাজ্যিক মহিলা আয়োগে ৰাজ্যিক আৰক্ষী মুখ্য কাৰ্যালয়ত তেওঁৰ বিৰুদ্ধে শাৰিৰীক নিৰ্যাতনৰ অভিযোগ দাখিল কৰিছিল। ইয়াৰ পাছতে আৰক্ষীয়ে চলিত বৰ্ষৰ এপ্ৰিল মাহত তেওঁৰ বিৰুদ্ধে প্ৰথম এফআইআৰ পঞ্জীয়ন কৰিছিল।

উল্লেখ কৰা প্ৰয়োজন যে, ইতিমধ্যে ২০২০ চনৰ পৰা ২০২১ চনলৈ উপ-আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা নাগালেণ্ডৰ নোক্লক জিলাৰ দুগৰাকী নাবালক ছোৱালীক শাৰিৰীক নিৰ্যাতনৰ গোচৰত বিষয়াগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে বিচাৰ চলি আছে।

 

নাগালেণ্ড