Advertisment

পুনৰ হিংসাত্মক, সশস্ত্ৰ সংগ্ৰামৰ আশ্ৰয় লোৱাৰ সকিয়নী থুইংগালেঙ মুইভাৰ...

পুনৰ হিংসাত্মক, সশস্ত্ৰ সংগ্ৰামৰ আশ্ৰয় লোৱাৰ সকিয়নী থুইংগালেঙ মুইভাৰ...

author-image
Asomiya Pratidin
New Update
পুনৰ হিংসাত্মক, সশস্ত্ৰ সংগ্ৰামৰ আশ্ৰয় লোৱাৰ সকিয়নী থুইংগালেঙ মুইভাৰ...

ডিজিটেল সংবাদ বেকাজানঃ ভাৰত চৰকাৰৰ সৈতে বিগত ২৭ বছৰ ধৰি যুদ্ধৰ বিৰতিৰ থকা নগা বিদ্ৰোহী সংগঠন এন এছ চি এন-আই এমৰ সাধাৰণ সম্পাদক থুইংগালেঙ. মুইভাই নাগালিমৰ অনন্য ইতিহাস আৰু সাৰ্বভৌম অস্তিত্ব ৰক্ষাৰ বাবে ভাৰতৰ বিৰুদ্ধে পুনৰ হিংসাত্মক সশস্ত্ৰ প্ৰতিৰোধ পুনৰ আৰম্ভ কৰিব বুলি সকীয়াই দিছে।

Advertisment

যোৱা বৃহস্পতিবাৰে কেম্প হেব্ৰুনৰ পৰা জাৰি কৰা এক বিবৃতিত মুইভা কয় -যদিহে ২০১৫ চনৰ ৩ আগষ্টৰ কাঠামো চুক্তিৰ আখৰ আৰু মনোভাৱৰ প্ৰতাৰণা সমাধানৰ বাবে তৃতীয় পক্ষৰ হস্তক্ষেপ নাকচ কৰা হয় তেনেহলে ভাৰত চৰকাৰ বিৰুদ্ধে পুনৰ সশস্ত্ৰ প্ৰতিৰোধ গঢ়ি তুলিব। উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ সৈতে ২০১৫ চনত ফ্ৰেমৱৰ্ক চুক্তি স্বাক্ষৰ কৰা ৯ বছৰ অতিক্ৰম কৰাৰ পিছতো নগা সমস্যাৰ সমাধানৰ কোনো বিশেষ অগ্ৰগতি লাভ নকৰাত এন এছ চি এন-আই এম-এ কঠোৰ স্থিতি গ্ৰহণ কৰিছে।

এন এছ চি এন-আই এমৰ নেতাগৰাকীয়ে এক দীঘলীয়া বিবৃতিত কয় কয় যে ভাৰত চৰকাৰে এতিয়া ৰাজনৈতিক চুক্তি জাপি দিব পাৰে যিয়ে ২০১৫ চনৰ ৩ আগষ্টৰ কাঠামো চুক্তিক সন্মান নকৰে। মুইভাই বিবৃতিটোত কয় যে ভাৰত চৰকাৰে এন এছ চি এন-আই এমক নগাসকলৰ বাবে সুকীয়া পতাকা আৰু সংবিধান অবিহনে ৰাজনৈতিক চুক্তি স্বাক্ষৰ কৰিবলৈ বাধ্য কৰিব পাৰে । আনকি নগা আন্দোলনক মষিমূৰ কৰিবলৈ সামৰিক শক্তিৰ আশ্ৰয় ল'ব পাৰে। ২০১৫ চনৰ ৩ আগষ্টৰ কাঠামো চুক্তিৰ আখৰ আৰু মনোভাৱক প্ৰতাৰণা কৰাৰ পিছত এতিয়া এন এছ চি এনৰ ওপৰত আত্মসমৰ্পণৰ চৰ্ত আৰু চৰ্ত আৰোপ কৰাৰ চেষ্টা কৰিব।

মুইভাই কয় যে, ২০১৫ চনৰ ৩ আগষ্টৰ কাঠামো চুক্তিৰ আখৰ আৰু মনোভাৱক ভাৰত চৰকাৰে সন্মান জনোৱাৰ বাবে নাগালিম আৰু এন এছ চি এন চিৰদিন অপেক্ষা নকৰিব। ১৯৯৭ চনৰ যুদ্ধবিৰতিৰ পিছৰে পৰা চৰকাৰৰ সৈতে হোৱা আটাইতকৈ প্রত্যক্ষ সংঘর্ষৰ মুখামুখি হ'ব লাগে, তেন্তে সেয়া ২০১৫ চনৰ কাঠামো চুক্তিক সন্মান নকৰাৰ বাবেই হ'ব । মুইভাই কয় যে যদি পুনৰ হিংসাত্মক সশস্ত্র সংঘর্ষ হয় তেন্তে ভাৰত চৰকাৰ আৰু ইয়াৰ নেতৃত্ব একমাত্র দায়ী হ'ব। মুইভা কয় --২০১৫ চনৰ কাঠামো চুক্তিখন যাতে কর্তৃপক্ষই আখৰ আৰু মনোভাৱেৰে সন্মান কৰে তাৰ বাবে তেওঁৰ গোটে তৃতীয় পক্ষৰ হস্তক্ষেপৰ প্ৰস্তাৱ আগবঢ়াব বিচাৰে।

যদি ভাৰত চৰকাৰে এনে ৰাজনৈতিক পদক্ষেপ নাকচ কৰে তেন্তে তেওঁ নাগালিমৰ সাৰ্বভৌমত্ব আৰু স্বাধীনতা আৰু অনন্য ইতিহাসক ৰক্ষাৰ বাবে এন এছ চি এন-আই এমে পুনৰ হিংসাত্মক সশস্ত্ৰ প্ৰতিৰোধ আৰম্ভ কৰিব। মুইভাই তেওঁৰ বিবৃতিত প্ৰকাশ কৰিছে যে ১৯৯৭ চনৰ ১ আগষ্টৰ পৰা ভাৰত চৰকাৰ আৰু এন এছ চি এন-আই এমৰ মাজত যুদ্ধবিৰতি চুক্তি হোৱাৰ পৰা দুয়োপক্ষৰ মাজত ৬০০ৰো অধিক ৰাউণ্ড আলোচনা হৈছিল। ইয়াৰ ভিতৰত প্রয়াত অটল বিহাৰী বাজপেয়ীৰ প্ৰধানমন্ত্ৰীত্বৰ সময়ত আৰু আনখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যকালত।

এই চুক্তি দুখন হ'ল ২০০২ চনৰ ১১ জুলাইৰ আমষ্টাৰডাম জইন্ট কমিউনিক আৰু ২০১৫ চনৰ ৩ আগষ্টৰ ফ্ৰেমৱৰ্ক চুক্তি। উল্লেখযোগ্য যে ২০১৯ চনত ভাৰত চৰকাৰে নাগালিমৰ সুকীয়া পতাকা আৰু সংবিধানৰ বিষয়টো মানি নলয় বুলি স্পষ্ট কৰি দিয়াৰ পিছত নগা শান্তি আলোচনা স্তব্ধ হৈ পৰে। সম্প্ৰতি নগা সমস্যাৰ সমাধানৰ বিশেষ কোনো অগ্ৰগতিৰ নোহোৱাৰ পৰিপ্ৰেক্ষিতত মুইভা কালি ভাৰত চৰকাৰক এন এছ চি এন আই এমে যুদ্ধ বিৰতিৰ পৰা আঁতৰি আহি পুনৰ সশস্ত্ৰ হিংসাত্মক প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিব বুলি সকীয়াই দিছে।

থুইংগালেঙ মুইভা