আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ হৰ্ণবিল মহোৎসৱঃ ছুইজাৰলেণ্ড আৰু আয়াৰলেণ্ড হ'ব নাগালেণ্ডৰ অংশীদাৰ

হৰ্ণবিল মহোৎসৱৰ বাবে সাজু হৈছে ক'হিমাৰ কিচামা গাঁওবাসী। নাগালেণ্ড চৰকাৰে এই মহোৎসৱৰ বাবে ছুইজাৰলেণ্ড আৰু আয়াৰলেণ্ডক সহাযোগী ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিছে।

New Update
WhatsApp Image 2025-11-19 at 5.25.12 PM

ডিজিটেল ডেস্কঃ  নাগালেণ্ডৰ এক অন্যতম আকৰ্ষণীয় অনুষ্ঠান হৈছে হৰ্ণবিল মহোৎসৱ। দেশী-বিদেশী পৰ্যটকৰ মিলনেৰে এইবেলি পুনৰ ১ৰ পৰা ১০ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব হৰ্ণবিল মহোৎসৱ।

এই মহোৎসৱৰ বাবে সাজু হৈছে ক'হিমাৰ কিচামা গাঁওবাসী। নাগালেণ্ড চৰকাৰে এই মহোৎসৱৰ বাবে ছুইজাৰলেণ্ড আৰু আয়াৰলেণ্ডক সহাযোগী ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত সুকীয়া বৈঠকৰ পাছত এই ঘোষণা কৰা হয়।

নাগালেণ্ডৰ মুখ্যমন্ত্রী নেইফিউ বিঅ' আৰু নতুন দিল্লীত থকা চুইজাৰলেণ্ডৰ ৰাষ্ট্রদূত মায়া টিস্সাফিৰ মাজত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়। চুইজাৰলেণ্ডৰ ৰাষ্ট্রদূতগৰাকীয়ে এই সিদ্ধান্তই দুয়োদেশৰ মাজত শক্তিশালী সাংস্কৃতিক সম্পর্ক আৰু বিভিন্ন ক্ষেত্রত ভবিষ্যতৰ সহযোগিতাৰ পথ প্রশস্ত কৰিব বুলি আশা প্রকাশ কৰে। 

মুখ্যমন্ত্রী নেইফিউ বিঅ'ই লগতে আয়াৰলেণ্ডৰ ৰাষ্ট্রদূত কেভিন কেলিক সাক্ষাৎ কৰে আৰু আয়াৰলেণ্ডক হর্ণবিল মহোৎসৱৰ বাবে অন্য এখন সহযোগী ৰাষ্ট হিচাপে ঘোষণা কৰে।

ৰাষ্ট্রদূত কেলিয়ে কয়, এই সহযোগিতাই আয়াৰলেণ্ড আৰু ভাৰতৰ মাজত বর্ধিত সাংস্কৃতিক আক ৰাজনৈতিক সম্বন্ধ প্রতিফলিত কৰিছে। ইয়াৰ পূর্বে হৰ্ণবিল মহোৎসৱৰ বাবে ব্রিটেইনকো সহযোগী ৰাষ্ট হিচাপে ঘোষণা কৰা হৈছিল।

হৰ্ণবিল মহোৎসৱ