/asomiyapratidin/media/media_files/2025/04/19/C78dRYxRk9KXlTuLykRS.jpg)
ডিজিটেল সংবাদ, বেকাজান : গোলাঘাট জিলাৰ মেৰাপানী ছীড পামত নাগালেণ্ড চৰকাৰৰ কৃষি বিভাগৰ তৈল খেজুৰ খেতি কৰিবলৈ অসমীয়া স্থানীয় খেতিয়কক ভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিয়াক লৈ তীব্ৰ উত্তেজনা অৱ্যাহত আছে। ইয়াৰ মাজতে ১৬ এপ্ৰিলত নাগালেণ্ডৰ ৱাখা জিলাৰ ভাণ্ডাৰী সমষ্টিৰ নাগা পিপলছ ফ্ৰণ্টৰ বিধায়ক আচুম্বেমো কিকনে মেৰাপানী বীজ পাম পৰিদৰ্শন কৰে।
তেওঁৰ এই পৰিদৰ্শনকালত মেৰাপানী বীজ পামৰ সমগ্ৰ অংশটো নাগালেণ্ড চৰকাৰৰ বুলি কৰে। উল্লেখযোগ্য যে ভেলৌগুৰিবাসীয়ে ৰঙালী বিহুৰ উচাহৰ মাজত মচগুল হৈ থকাৰ ভাণ্ডাৰী সমষ্টিৰ বিধায়কগৰাকীয়ে অতি সন্তপৰ্ণে আহি ডি চেক্টৰৰ মেৰাপানী অসম নাগালেণ্ড সীমান্তৰ পৰিদৰ্শন কৰি ১৬ এপ্ৰিলত বীজ পামখনৰ পৰিস্থিতি বুজ লয়।
লগতে বিধায়ক আচুম্বেমো কিকনে চৰকাৰী মালিকানাধীন কৃষি সম্পত্তি পৰিদৰ্শন কৰি পৰিস্থিতিৰ মূল্যায়ন কৰে। জানিব পৰা মতে মেৰাপানীৰ ভেলৌগুৰিত থকা প্ৰায় ১৩০০ একৰ বীজ পামখন ভাড়াতীয়া আৰু অনুপ্ৰৱেশকাৰী অধিকাৰ কৰা বুলি নাগালেণ্ড চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক স্বাক্ষৰিত পত্ৰৰ জৰিয়তে তৈল খেজুৰ খেতিৰ বাবে অসমৰ স্থানীয় কৃষকক ভূমি খালী কৰি দিবলৈ নিৰ্দেশ দিছিল।
ইয়াৰ পিছত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ভেলৌগুৰি কৃষক ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাত ছীড পামত উত্তেজনা বৃদ্ধি পায়। এই ঘটনাৰ পাছতে যোৱা ১৬ এপ্ৰিলত নাগালেণ্ড ভাণ্ডাৰী সমষ্টিৰ বিধায়ক আচুম্বেমো কিকনে মেৰাপানী ছীড পাম পৰিদৰ্শন কৰে।
কিকনৰ সৈতে লোথা ল’ৱাৰ ৰেঞ্জ পাব্লিক অৰ্গেনাইজেশ্যন (এল এল আৰ পি অ’), লোথা ল’ৱাৰ ৰেঞ্জ ষ্টুডেণ্টছ ইউনিয়নৰ সদস্য, ৭ নং নাগালেণ্ড সশস্ত্ৰ আৰক্ষীৰ বিষয়া, স্থানীয় আৰক্ষী জোৱান, সীমান্ত দণ্ডাধীশ উপস্থিত থাকে। পৰিদৰ্শনৰ সময়ত আচুম্বেমো কিকনে দৃঢ়তাৰে কয় যে মেৰাপানী বীজ পামৰ সমগ্ৰ অংশটো নাগালেণ্ড চৰকাৰৰ। অসমৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰী আৰু ভাড়াতীয়াসকলৰ এই মাটিৰ এক ইঞ্চিও দাবী কৰাৰ কোনো অধিকাৰ নাই।
স্থানীয় আৰু অস্থানীয় উভয় ব্যক্তিক প্ৰদান কৰা সকলো অনুমতি বা পট্টা চুক্তি বাতিল কৰি ক্ষীপ্ৰ আৰু নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিধায়কগৰাকীয়ে নাগালেণ্ডৰ কৃষি বিভাগক আহ্বান জনায়। তেওঁ চৰকাৰে সমগ্ৰ পামখন পুনৰ উদ্ধাৰ কৰি এটা মূল কৃষি কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাজ্যখনৰ বাবে ইয়াক সম্ভাৱ্য ধানৰ বাটি বুলি অভিহিত কৰে।
আচুম্বেমো কিকনে পামখনক অধিক বেদখলৰ পৰা সুৰক্ষিত কৰাৰ গুৰুত্বৰ কৰি মেৰাপানী বীজ পামখন অবৈধ বাসিন্দাৰ পৰা ৰক্ষা কৰিবলৈ আৰু কৃষি উন্নয়নৰ বাবে সংৰক্ষণ কৰিবলৈ মেৰাপানী বীজ পামৰ সমগ্ৰ পৰিধিৰ চাৰিওফালে বেৰা দিবলৈ বিভাগটোক আহ্বান জনায়। ইফালে নাগালেণ্ডৰ হাতৰ ছীড পামখন মুক্ত কৰিবলৈ তীব্ৰ প্ৰতিবাদ জনায় থকা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু স্থানীয় ৰাইজে নগা বিধায়কে মেৰাপানী ছীড পামখন সম্পূৰ্ণ নাগালেণ্ডৰ দাবী কৰা কাৰ্যক কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষণীয় হ’ব।