/asomiyapratidin/media/media_files/2025/07/15/sdsdsd-2025-07-15-19-22-43.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ ক্ৰমান্বয়ে যেন মৃত্যুৰ মুখলৈ গতি কৰিছে নাগালেণ্ড বেম্ব’ ৰিছাৰ্ছ চেণ্টাৰ। নগালেণ্ডৰ ডিমাপুৰৰ ছয় মাইলত ২০০৭ চনত স্থাপন কৰা হৈছিল এই নাগালেণ্ড বেম্ব ৰিছাৰ্চ চেণ্টাৰটো ৷ আৰম্ভণিতে চুগাৰমিল আছিল যদিও চুগাৰমিল বন্ধ হৈ পৰাত এই বৃহৎ এলেকাত সেইসময়ৰ মুখ্যমন্ত্ৰী নেইফিঅ’ ৰিঅ’ৰ প্ৰচেষ্টাত গঢ়লৈ উঠিছিল “নাগালেণ্ড ৰিছাৰ্ছ চেণ্টাৰ”।
আৰম্ভণিতে ইয়াত ৬০টাৰো অধিক প্ৰজাতিৰ বাঁহ আছিল ৷ এই উদ্যোগটোত বাঁহৰ কাপ-প্লেট, বিচনা, ঘৰৰ বিভিন্ন আচবাব, কয়লা, ভিনেগাৰ আদি বিভিন্ন সামগ্ৰীৰ লগতে বাঁহৰ পৰা সূতা তৈয়াৰ কৰি কাপোৰ নিৰ্মাণ কৰিছিল ৷ আটক ধুনীয়া ৰেষ্টুৰেণ্ট, সাংস্কৃতিক কায্যসূচীৰ বাবে সুন্দৰ পৰিৱেশত 'হল' নিৰ্মাণ কৰা হৈছিল ৷ কিন্তু এতিয়া ইয়াত সামগ্ৰী তৈয়াৰৰ কামকাজ স্তিমিত হৈ পৰা দেখা গৈছে ৷ ইফালে, উৎপাদিত বিভিন্ন সামগ্ৰী বিক্ৰীৰ বাবে থকা বিক্ৰী কেন্দ্ৰটোত সীমিত পৰিমাণৰ সামগ্ৰীহে দেখা গৈছে ৷
এসময়ত দেশীয় পয্যটন কেন্দ্ৰটো এতিয়া আপদালৰ অভাৱত মৃত্যুৰ দিশে ধাৱমান হৈছে ৷ মুঠতে এসময়ৰ নগালেণ্ড এক বিশেষ উদ্যোগৰ মৰ্যাদা লাভ কৰা এই উদ্যোগটো সময় থাকোতেই পুনৰুজ্জীৱিত নকৰিলে অচিৰেই বন্ধ হৈ পৰাৰ সম্ভাৱনা আছে ।