Advertisment

মেৰাপানীত অসম আৰক্ষীৰ সন্মুখৰ পৰাই অপৰাধীক মোকলাই নিলে নগা আৰক্ষীয়ে

নগা আৰক্ষীৰ দম্ভালি আৰু চিআৰপিএফৰ পক্ষপাতিত্বৰ ওচৰত অসহায় হৈ ঘৰমুৱা হ'ল মেৰাপানী আৰক্ষী। এই ঘটনাক কেন্দ্ৰ কৰি সীমান্তৰ অসমীয়া লোকসকল ক্ষোভিত হৈ পৰাৰ লগতে অসম আৰক্ষীৰ অসহায় ৰূপত লজ্জাবোধ কৰিছে ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,মেৰাপানীঃ অসমৰ ভূমিতে নগা আৰক্ষীৰ দপদপনিত হাৰ মানি চকুৰ সন্মুখৰ পৰাই অপৰাধীক লৈ গ'ল নগা আৰক্ষীয়ে । কিছুদিন পূৰ্বে মৰিয়নী সীমান্তত অসম আৰক্ষীক আক্ৰমণ কৰি নগাই বীৰত্ব প্ৰদৰ্শন কৰাৰ পাছত বুধবাৰে নিশা পুনৰ মেৰাপানী সীমান্তৰ অসম ভূমিৰ পৰাই নগা অপৰাধীক মোকলাই নিলে নগা আৰক্ষীয়ে। 

Advertisment

এই ঘটনাৰ নীৰৱ দৰ্শক হৈ চাই থাকিল অসম আৰক্ষী। যেন নগা আৰক্ষীৰ ওচৰত শিৰনত হ'ল অসম আৰক্ষীৰ। বুধবাৰে নিশা মেৰাপানী আৰক্ষী থানা এলেকাৰ দয়ালপুৰত বাইকত নিষিদ্ধ ড্ৰাগছ লৈ গৈ থকা অৱস্থাত দুই নগা যুৱকক আটক কৰিছিল স্থানীয় লোকে। তাৰ পাছতেই ঘটনাস্থলীত সীমান্তত নিয়োজিত ১৪২ নং চিআৰপিএফ বাহিনী উপস্থিত হৈ অসম আৰক্ষীৰ পৰিবৰ্তে খবৰ দিয়ে নাগালেণ্ড আৰক্ষীক। আশ্বৰ্য্যকৰ বিষয় যে,  ড্ৰাগছসহ ধৰা পৰা ৰেঞ্চ কিকন নামৰ লোকজন নগা আৰক্ষীৰ জোৱান। 

আনজন নগা ড্ৰাগছ সৰবৰাহকাৰীৰ নাম চাম্বেম'। দুয়োজনৰ জিম্মাৰ পৰা জব্দ কৰা হয় ৩৩৩ টা নিষিদ্ধ চেমপেক্স টেবলেট। ইফালে খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত মেৰাপানী আৰক্ষী উপস্থিত হয় যদিও চিআৰপিএফে সম্পূৰ্ণৰূপে পক্ষপাতিত্বমূলক আচৰণ প্ৰদৰ্শন কৰি ড্ৰাগছসহ অপৰাধী দুটাক নগা আৰক্ষীক গতাই দিয়ে। নগা আৰক্ষীয়ে অসমভূমিত অসম আৰক্ষীৰ সন্মুখৰ পৰাই নাগালেণ্ডলৈ লৈ যায় অপৰাধী দুটাক। 

 

মেৰাপানী