মৰিয়নিত নগা দুৰ্বৃত্তৰ তাণ্ডৱ : 'আপ'ৰ প্ৰতিক্ৰিয়া

অসম-নাগালেণ্ডৰ মাজত বৰ্তি থকা আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে পুনৰ সৰৱ হৈছে আম আদমী পাৰ্টি...

author-image
Asomiya Pratidin
New Update
মৰিয়নিত নগা দুৰ্বৃত্তৰ তাণ্ডৱ : 'আপ'ৰ প্ৰতিক্ৰিয়া

মৰিয়নিত নগা দুৰ্বৃত্তৰ তাণ্ডৱ : 'আপ'ৰ প্ৰতিক্ৰিয়া

ডিজিটেল সংবাদ, গুৱাহাটী : অসম-নাগালেণ্ডৰ মাজত বৰ্তি থকা আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে পুনৰ সৰৱ হৈছে আম আদমী পাৰ্টি। বৃহস্পতিবাৰে আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সাংগঠিনক) ৰাজীৱ শইকীয়াই আন্তঃৰাজ্যিক সীমান্তৱৰ্তী অঞ্চলৰ মৰিয়নিৰ ৰজাবাৰীত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ উদ্বেগ ব্যক্ত কৰে।

Advertisment

এই সন্দৰ্ভত দলৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এক প্ৰেছ বিজ্ঞপ্তিত কয়, " কেন্দ্ৰ আৰু ৰাজ্যত শাসনাধিষ্ঠিত বিজেপি দলে ২০১৬ আৰু ২০২১ চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে অসমৰ সৈতে প্ৰতিবেশী ৰাজ্য সমূহৰ সীমা সমস্যা নিষ্পত্তি কৰণৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু দুবাৰকৈ চৰকাৰ গঠন কৰা বিজেপি দলে সীমা বিবাদ নিষ্পত্তি নকৰি বিশ্বাস ভংগ কৰিছে।

লক্ষ্যণীয় বিষয় যে কেন্দ্ৰীয় চৰকাৰৰ উপৰি অসম আৰু নাগালেণ্ডতো বিজেপি দলৰ নেতৃত্বতে চৰকাৰ চলি আছে। তৎসত্বেও চৰকাৰে আলোচনা বা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এই সমস্যাৰ সমাধান কৰিব পৰা নাই। 

ফলত অসম -নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত সময়ে সময়ে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে। মাজে মাজে নাগালেণ্ডৰ লোকে অসমীয়া লোকৰ ওপৰত উপদ্ৰৱ চলাইছে।

শেহতীয়াভাৱে নাগা দুৰ্বৃত্তৰ দলে মৰিয়নিৰ ৰজাবাৰীত তাণ্ডৱ চলাইছে। এই পৰিস্থিতিৰ অৱসানৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু দুয়োখন ৰাজ্যৰ চৰকাৰে আলোচনা কৰি স্থায়ী সমাধানৰ বাট মোকলোৱা উচিত। "

আম আদমী পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক শইকীয়াই নাগালেণ্ড ৰাজ্য গঠনৰ সময়ত যি সীমা নিৰ্ধাৰণ কৰা হৈছিল সেই সীমাই দুয়োখন ৰাজ্যৰ সীমা হোৱা উচিত বুলি মন্তব্য প্ৰকাশ কৰে। তদুপৰি অসমৰ জনসাধাৰণে কোনোপধ্যেই নগাৰ আগ্ৰাসন মানি নোলোৱাৰ স্থিতি প্ৰকাশ কৰে। 

AAP Assam press conference AAP press meet aap assam