ম্যানমাৰৰ হোমালিনত নতুন শিবিৰ মুকলি নগা বিদ্ৰোহী সংগঠনৰ...

ভাৰত চৰকাৰৰ সৈতে  বিগত আঠ দশকজোৰা নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ বাবে হ'ব লগা চূড়ান্ত নগা চুক্তি বিলম্ব হোৱাৰ পৰিপ্ৰেক্ষিতত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন আই এমে শেহতীয়াকৈ  নিজৰ সামৰিক শক্তি বৃদ্ধি কৰাত মনোনিবেশ কৰা তথ্য পোহৰলৈ আহিছে

author-image
Asomiya Pratidin
New Update
ম্যানমাৰৰ হোমালিনত নতুন শিবিৰ মুকলি নগা বিদ্ৰোহী সংগঠনৰ

ডিজিটেল সংবাদ, বেকাজান : ভাৰত চৰকাৰৰ সৈতে  বিগত আঠ দশকজোৰা নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ বাবে হ'ব লগা চূড়ান্ত নগা চুক্তি বিলম্ব হোৱাৰ পৰিপ্ৰেক্ষিতত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন আই এমে শেহতীয়াকৈ নিজৰ সামৰিক শক্তি বৃদ্ধি কৰাত মনোনিবেশ কৰা তথ্য পোহৰলৈ আহিছে। ইষ্টাৰ্ণ নাগালেণ্ড আৰু ম্যানমাৰৰ চাগাইঙি প্ৰদেশত সংগঠনটোৰ সুদৃঢ় কৰা লক্ষ্যৰে নগা আৰ্মিৰ দক্ষিণ-পূব কমাণ্ডৰ অধীনত এন এছ চি এন-আই এম, ম্যানমাৰৰ হোমালিনত “মাউণ্ট চিনাই” নতুন শিবিৰ মুকলি কৰিছে।  

Advertisment

সোমবাৰে হোমালিনৰ নাগা বেপ্টিষ্ট চাৰ্চৰ পাষ্টৰ ৰেভাৰেণ্ড জাউ কাং আঙে এন এছ চি এন আই এমৰ নগা আৰ্মিৰ  মাউণ্ট চিনাই শিবিৰ উদ্বোধন কৰে। শিবিৰ উদ্বোধনী অনুষ্ঠানত এন এছ চি এনৰ পৰিচালনা কাৰ্যবাহী সদস্য কুহোটো ছুমীয়ে কয় যে, নগাসকলে ঐক্যৰ বাবে চেষ্টা কৰি গভৰ্মেণ্ট অৱ পিপল ৰিপাবলিক নাগালিম চৰকাৰৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিছে। আমাৰ সামৰিক আৰু অসামৰিক দুয়োটা খণ্ডই জাতিটোৰ স্বাৰ্থৰ সেৱা কৰি আহিছে ।

এন এছ চি এন অৰ্থাৎ নাগালিমৰ নেচনেল চছিয়েলিষ্ট অৱ নাগালিম কেইবাটাও গোটত বিভক্তৰ সন্দৰ্ভত, ছুমীয়ে কয় তেওঁলোকক আশ্বস্ত কৰিছো যে আমাৰ লক্ষ্য সদায় জাতিটোৰ উন্নতি । যদি আমাৰ সংগঠনৰ সেৱা আগবঢ়োৱা কোনো ব্যক্তিয়ে সংগঠনটোৰ মিছনতকৈ নিজৰ ব্যক্তিগত স্বাৰ্থক অগ্ৰাধিকাৰ দিয়ে, তেন্তে আমি অধিক ক্ষতি ৰোধৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰো।  

তেওঁ লগতে কয় যে, নগা সেনাবাহিনীৰ জেনেৰেল নিংখান এণ্টনি শ্বিমৰে দূৰদৰ্শী নেতৃত্বত আগন্তুক দিনতো নগাসকলক শক্তিশালী আৰু একত্ৰিত কৰি যাব।  কুহোটো চুমীয়ে লগতে কয় যে, ম্যানমাৰৰ হোমালিনত থকা মাউণ্ট চিনাই কেম্পে ম্যানমাৰৰ নগা অঞ্চল আৰু অন্যান্য স্থানত এন এছ চি এন-আই এমক নিজৰ কমাণ্ডৰ সহজ প্ৰৱেশৰ সুবিধা প্ৰদান কৰিব।

ইফালে ম্যানমাৰত থকা এন এছ চি এনৰ আন গোটৰ সৈতে আই এমৰ  নগা আৰ্মিয়ে সংঘাতৰ অৱসান ঘটাই একেলগে সামৰিক সহযোগিতা আগবঢ়োৱাৰ একমত হোৱা বুলি জানিব পৰা গৈছে।  উল্লেখযোগ্য যে ২০১৯ চনৰ ৩১ অক্টোবৰত নগা শান্তি আলোচনা স্তব্ধ হৈ পৰাত আৰু পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে আলোচনা আগবঢ়োৱাত বিলম্ব কৰাৰ পৰিপ্ৰেক্ষিতত  এন এছ চি এনে নিজৰ সামৰিক কাম কাজৰ বাবে পুনৰ ম্যানমাৰৰ ভূমিত খোপনি পুতিছে ।

bekajan