/asomiyapratidin/media/media_files/2025/02/13/LL95QhC8KW5H6Pqn3Xth.jpg)
ডিজিটেল সংবাদ,মৰিগাঁও: মৰিগাঁৱত চিলনী চোৰৰ উপদ্ৰৱ। সুৰক্ষিত নহয় মহিলা। এফালে মৰিগাঁও সদৰ আৰক্ষীৰ গভীৰ নিদ্ৰা, আনফালে মৰিগাঁও চহৰত চোৰৰ সন্ত্ৰাস। মৰিগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পিছপিনৰ পৰা মটৰ চাইকেলত অহা দুই চোৰে মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিলে সোণৰ চেইন।
চোৰে চেইন টানি নিউতে চোঁচৰি যোৱাত আঘাতপ্ৰাপ্ত হয় কামিনি দেৱী নামৰ মহিলা গৰাকী। মৰিগাঁও সদৰ আৰক্ষীৰ অকৰ্মন্যতাৰ সুযোগ লৈ বিগত বহুদিন ধৰি মৰিগাঁও চহৰত সন্ত্ৰাস চলাই আছে চোৰে।
গভীৰ নিদ্ৰাত থকা মৰিগাঁও সদৰ আৰক্ষীৰ বাবে সুবিধা লাভ কৰি বিগত এটা মাহ ধৰি চোৰে সন্ত্ৰাস চলাই আহিছে মৰিগাঁও নগৰত মানুহৰ ঘৰে ঘৰে থকা গোঁসাই ঘৰত।
উপযুক্ত তহলৰ ব্যৱস্থা নকৰাত এনেধৰণৰ ঘটনা ঘটিব ধৰিছে মৰিগাঁও চহৰৰত ৷ ৰাইজৰ অভিযোগৰ পিছতো বৰ্তমানলৈ চোৰ ৰোধ কৰিবলৈ সক্ষম হোৱা নাই সদৰ আৰক্ষী। উল্লেখযোগ্য যে, মৰিগাঁও সদৰ আৰক্ষী থানাৰ নগৰ পৰিদৰ্শকৰ দায়িত্বত আছে পাৰ্থ ৰাজখোৱা ৷