নদুৱাৰ সমষ্টিৰ দুখনকৈ গাঁও পঞ্চায়তত শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন...

পশ্চিম মূঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি অজিত পায়েং আৰু উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তৰ সভানেত্ৰী চৱিতা কাৰ্কি সহ ৱাৰ্ড সদস্য সকলক শপতবাক্য পাঠ কৰায় চতিয়া খণ্ড উন্নয়ন বিষয়া অজয় সিঙে ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,নদুৱাৰঃ নদুৱাৰ সমষ্টিৰ অন্তৰ্গত পশ্চিম মূঢ়াদল গাঁও পঞ্চায়ত আৰু উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তত আজি শপত গ্ৰহণ অনুষ্ঠিত হয় ৷ মাংগলিক অনুষ্ঠান দুটাত পশ্চিম মূঢ়াদল গাঁও পঞ্চায়তৰ সভাপতি অজিত পায়েং আৰু উত্তৰ মূঢ়াদল গাঁও পঞ্চায়তৰ সভানেত্ৰী চৱিতা কাৰ্কি সহ ৱাৰ্ড সদস্য সকলক শপত বাক্য পাঠ কৰায় চতিয়া খণ্ড উন্নয়ন বিষয়া অজয় সিঙে ৷ 

Advertisment

নৱ-নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি সকলৰ শপত গ্ৰহণ অনুষ্ঠান দুটিৰ মূখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই দুয়োখন গাঁও পঞ্চায়তৰ দুয়ো গৰাকী সভাপতিৰ লগতে পঞ্চায়ত প্ৰতিনিধি সকলক অভিনন্দন ও আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি সততা আৰু নিষ্ঠাৰে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ সেৱাত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায় ৷

উত্তৰ মূঢ়াদল মণ্ডল বিজেপিৰ সভাপতি কিশোৰ দাহালৰ  সভাপতিত্বত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানৰ বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে জামুগুৰি পৌৰসভাৰ পৌৰপতি পল্লৱীতা শৰ্মা মহন্ত আৰু চতিয়া পৌৰসভাৰ পৌৰপতি দ্বীপশিখা সন্দিকৈ, শোণিতপুৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ উপ-সভাপতি নিতুমনি বৰা, শোণিতপুৰ জিলাৰ যুৱ মৰ্চাৰ উপ-সভাপতি মাধুৰ্য বৰাই৷

 বিজেপিৰ বিভিন্ন দায়িত্বত থকা বিষয়ববীয়া সকলৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতিৰ অনুষ্ঠানত বৰ্ষিয়ান নাগৰিক সকলক ফুলাম গামোচাৰে উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ৷ উল্লেখযোগ্য যে, এইবাৰ নদুৱাৰ সমষ্টিৰ এশ শতাংশ পঞ্চায়ত বিজেপিয়েই দখল কৰিবলৈ সক্ষম হৈছে ৷

নদুৱাৰ সমষ্টি