লোকসংস্কৃতিৰ গৱেষক ড০ নবীনচন্দ্ৰ শৰ্মাৰ মৃত্যুত নলবাৰী জিলা সাহিত্য সভাৰ শোক...

পণ্ডিত গৰাকীৰ সমগ্ৰ পুথি চৰকাৰক একত্ৰে প্ৰকাশৰ দাবী

author-image
Asomiya Pratidin
New Update
লোকসংস্কৃতিৰ গৱেষক ড০ নবীনচন্দ্ৰ শৰ্মাৰ মৃত্যুত নলবাৰী জিলা সাহিত্য সভাৰ শোক...

Dr. Nabin ch sarma

ডিজিটেল সংবাদ, নলবাৰীঃ প্ৰথিতযশা সাহিত্যিক, লোকসংস্কৃতিৰ গৱেষক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, অসম সাহিত্য সভাৰ ‘সদস্য মহীয়ান’ ড০ নবীনচন্দ্ৰ শৰ্মাৰ ১৬ অক্টোবৰৰ আবেলি দেহাৱসান হয় ।

Advertisment

বৰেণ্য ব্যক্তিগৰাকীৰ দেহাৱসানত নলবাৰী জিলা সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰে । নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা আৰু সম্পাদক পংকজ বেজবৰুৱাই এটি শোকবাৰ্তাত কয় যে ,প্ৰফেছৰ অৱ এমেৰিটাচ্‌ অধ্যাপক ড০ নবীনচন্দ্ৰ শৰ্মা আছিল লোকসংস্কৃতি আৰু লোকসাহিত্যৰ বিশিষ্ট গৱেষক । বহুমুখী পাণ্ডিত্যবাৰিধিৰে অতুলনীয় অৱদান আগবঢ়োৱা এইগৰাকী ব্যক্তিৰ অবৰ্তমানত লোকসংস্কৃতি আৰু লোকসাহিত্য বিষয়ৰ গৱেষণা ক্ষেত্ৰত বাৰুকৈয়ে শূন্যতা বিৰাজ কৰিব ।

পণ্ডিতগৰাকীৰ সমগ্ৰ পুথি চৰকাৰক একত্ৰে প্ৰকাশৰ বাবে যাৱতীয় ব্যৱস্থা ল’বলৈও নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যেতি শৰ্মা আৰু সম্পাদক পংকজ বেজবৰুৱাই দাবী জনায় ।

nabin sarma nalbari