Advertisment

নন্দিনীত ৰাজ্যৰ ১৪ মহিলা খেতিয়ক, উদ্যোগীক নাবাৰ্ডৰ সম্বৰ্ধনা

খানাপাৰা ইণ্ডৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা নন্দিনী উইণ্টাৰ ৱণ্ডাৰলেণ্ড শীৰ্ষক ব্যতিক্ৰমী বাণিজ্য মেলাত আজি নাবাৰ্ডৰ এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত ৰাজ্যৰ ১৪ গৰাকী উদ্যোগী মহিলাক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
naba

ডিজিটেল ডেস্ক : খানাপাৰা ইণ্ডৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা নন্দিনী উইণ্টাৰ ৱণ্ডাৰলেণ্ড শীৰ্ষক ব্যতিক্ৰমী বাণিজ্য মেলাত আজি নাবাৰ্ডৰ এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত ৰাজ্যৰ ১৪ গৰাকী উদ্যোগী মহিলাক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়। 

Advertisment

zdgdfh

অনুষ্ঠানত নাবাৰ্ডৰ মুখ্য প্ৰবন্ধক লোকেন দাস, অসম চৰকাৰৰ কৃষি বিভাগৰ সচিব টি পি ভূষাল আৰু অসম চৰকাৰৰ মীন বিভাগৰ সঞ্চালক গৌৰী শংকৰ দাস। তাৰোপৰি অনুষ্ঠানত কেইবাগৰাকীও সফল উদ্যোগী মহিলাই তেওঁলোকৰ অভিজ্ঞতা আৰু কৰ্ম ক্ষেত্ৰ সন্দৰ্ভত ভাষণ ৰাখে। 

 

অনুষ্ঠানত নাবাৰ্ডৰ মুখ্য প্ৰবন্ধক লোকেন দাসে কয়, আজিৰ অনুষ্ঠানটো মূলত ১৪ গৰাকী সফল উদ্যোগী মহিলাক সম্বৰ্ধনা জনোৱাৰ বাবে অনুষ্ঠিত কৰা হৈছে। আমি আশা কৰিম অহা বছৰ এই অনুষ্ঠানত অসমৰ সকলো জিলাৰ পৰাই এগৰাকীকৈ মহিলা খেতিয়ক বা উদ্যোগী মহিলাক সম্বৰ্ধনা জনাব পাৰিম। 

gdtj

তেওঁ এগ্ৰী ষ্টাৰ্টআপ সন্দৰ্ভত কয়, অসমত কৃষি ক্ষেত্ৰত ষ্টাৰ্টআপৰ সংখ্যা যথেষ্ট কম। ইয়াৰ প্ৰসাৰৰ প্ৰয়োজন আছে। হয়তো বহুতেই আমাৰ অজ্ঞাতে কাম কৰি আছে, যাক আমি লগ পোৱা নাই। তথাপিও অসমত কৃষি ক্ষেত্ৰত ষ্টাৰ্টআপৰ সংখ্যা যথেষ্ট কম। আজি যিসকল মহিলা ইয়ালৈ আহিছে তেওঁলোক হয়তো ষ্টাৰ্টআপৰ একোখনকৈ সাকো হিচাপে কাম কৰিব। আজি আমি মূলতঃ মহিলা কৃষকক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে একত্ৰিত হৈছো। পৰৱৰ্তী সময়ত আমি এই ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ কিদৰে মোকাবিলা কৰিব পাৰি, কেনে ধৰণৰ নতুন নতুন নীতি নিৰ্ধাৰণ কৰিব পাৰি সেই সন্দৰ্ভত অধ্যয়ন কৰি পৰ্যায়ক্ৰমে পদক্ষেপ লোৱাৰ চেষ্টা কৰিম।

 

আনহাতে অসম চৰকাৰৰ মীন বিভাগৰ সঞ্চালক গৌৰী শংকৰ দাসে তেওঁৰ চমু ভাষণত কয়, নাবাৰ্ডে সফল মহিলা কৃষক, উদ্যোগীক আজি সম্বৰ্ধনা জনোৱাৰ এই প্ৰচেষ্টাক শলাগ লৈছো। তেওঁ কয়, অসমত যিসকল ব্যক্তিয়ে মীন পালনক গুৰুত্ব দি কাম কৰিছে তেওঁলোকক আগুৱাই নিবলৈ আৰু বিশেষকৈ মহিলা মীন পালকসকলক এই ক্ষেত্ৰত কেনেকৈ আগুৱাই নিব পাৰি তাৰ ওপৰত কাম কৰিবলৈ চেষ্টা কৰিছো। ভাৰত চৰকাৰৰ ফালৰ পৰাও নিৰ্দেশনা আহিছে মহিলা মীন পালকসকলক লৈ বিশেষ ভাৱে কাম কৰাৰ। ভাৰত চৰকাৰে মহিলা মীন পালকৰ বাবে পুঁজি যোগান ধৰিব। আমি আশা কৰিছো নাবাৰ্ডেও এই ক্ষেত্ৰত আমাক সহায় কৰিব।  মীন পালনৰ ক্ষেত্ৰত আপোনালোকক সহায় কৰাৰ বাবে নাবাৰ্ডৰ সহায়ত আমি যিদৰে কাম কৰিব লাগে সকলো কৰিবলৈ সাজু হৈছো। ইতিমধ্যে আমি এই ক্ষেত্ৰত যথেষ্ট কাম কৰিছো আৰু বহু কাম কৰিবলৈ সাজু হৈছে।

 

অসম চৰকাৰৰ কৃষি বিভাগৰ সচিব টি পি ভূষালে কয়, আজিৰ অনুষ্ঠান অত্যন্ত ব্যতিক্ৰম। প্ৰথমবাৰৰ বাবে এইদৰে মহিলা খেতিয়ক আৰু উদ্যোগীক সম্বৰ্ধনা জনোৱা দেখিছো। নাবাৰ্ডৰ এয়া প্ৰশংসনীয় পদক্ষেপ। 
তেওঁ কয়, যিসকল মহিলা আহিছে তেওঁলোকক দেখিলেই লাগে তেওঁলোকক ওতঃপ্ৰোতঃ ভাৱে খেতিয়ক, খেতিৰ সৈতে জড়িত। ইয়াত যিসকল মহিলা আহিছে তেওঁলোকে কোনোবা কৃষি, কোনোবা পশুপালন, মীন পালন আদিৰে জড়িত। এই ক্ষেত্ৰত প্ৰতিগৰাকী এক্সপাৰ্ট। ইয়াৰ বাবে আপোনালোকৰ পৰিয়ালৰ প্ৰতিজন সদস্যকো ধন্যবাদ।  

gjj

তেওঁ আৰু কয়, আপোনালোক যিসমূহ বিষয়ত এক্সপাৰ্ট সেই বিষয়ত অসম চৰকাৰৰ বিভিন্ন বিভাগৰ পৰা প্ৰশিক্ষণ ল’ব পাৰে। অসমত এগ্ৰীকালছাৰ, হৰিটিকালছাৰ, ফ্লৰিকালছাৰ আদিত যথেষ্ট সুযোগ আছে। তেওঁ কয়, পশুপালনকে ধৰি সকলো ক্ষেত্ৰতে প্ৰত্যাহ্বান আহিব। কিন্তু মনোবলেৰে সেই সকলো প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব লাগিব। 
অনুষ্ঠানত দুগৰাকী সফল উদ্যোগী মহিলা বিজয় লক্ষ্মী গোস্বামী আৰু মনালিচা বৰঠাকুৰেও তেওঁলোকৰ কৰ্মক্ষেত্ৰত লাভ কৰা অভিজ্ঞতাৰ আধাৰত বক্তব্য ৰাখে। বিজল লক্ষ্মী গোস্বামীয়ে কয়, এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই আনন্দিত হৈছো। ইয়াত উপস্থিত থকা বহু মহিলাই জীৱনত বহু সমস্যাৰ সন্মুখীন হৈছে। কিন্তু তেওঁলোকে কৃষি বা ষ্টাৰ্টআপৰ জৰিয়তে এই সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছে। 

glhAZ

ইয়াত থকা মহিলা খেতিয়কসকলে পৰিয়ালৰ লগতে সমাজৰ বাবেও খাদ্যৰ যোগান ধৰিবলৈ সক্ষম হৈছে। তেওঁ লগতে আজি সম্বৰ্ধিত খেতিয়ক তথা উদ্যোগী মহিলাসকলক অধিক উদ্যমেৰে কাম কৰিবলৈ আহ্বান জনাইছে। 
আন এগৰাকী সফল উদ্যোগী মহিলা মনালিচা বৰঠাকুৰে নিজৰ কৰ্মক্ষেত্ৰৰ অভিজ্ঞতাৰ পৰা কয়, আমি খাদ্য উৎপাদন আৰু বিক্ৰী কৰো। এতিয়া আমি আমাৰ উদ্যোগক প্ৰযুক্তিগতভাৱে আগুৱাই নিয়াৰ পদক্ষেপ লৈছো। আমি ব্লেক ৰাইছ, ব্ৰাউন ৰাইছৰ পৰা পাস্তা তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিছো।

 

তেওঁ কয়, মই মোৰ পৰিয়ালৰ প্ৰথম প্ৰজন্মৰ উদ্যোগী।  মোৰ ব্যৱসায় আৰু কৃষি সন্দৰ্ভত মৌলিক জ্ঞান নাছিল। মই এইবোৰ অধ্যয়ন কৰিছো। তেওঁ কয়, কৃষি সম্পৰ্কীয় ষ্টাৰ্টআপসমূহত মহিলাৰ উপস্থিতি বহু কম। প্ৰতি ১০০ গৰাকী উদ্যোগীৰ ভিতৰত ৫ গৰাকীহে মহিলা উদ্যোগী। যদিও মহিলাসকলে কৃষি ক্ষেত্ৰত কাম কৰি আছে  তথাপিও ইয়াক ব্যৱসায় হিচাপে লব পৰা নাই।

hgl;

উল্লেখ্য আজি মীন, পশু পালনৰ জৰিয়তে আদৰ্শ সৃষ্টি কৰা ধেমাজিৰ ৰিঞ্জুমণি চেতিয়া, উদ্যান শস্য, নাৰ্ছাৰী আৰু গাহৰি পালেনেৰ সফলতা লাভ কৰা কোকৰাঝাৰৰ ইৰিনা চাংমা, কেচু সাৰ, শস্য উৎপাদনেৰে স্বাৱলম্বী হোৱা শোণিতপুৰৰ শেৱালী দেৱী, গাহৰী পালন, ছাগলী পালন, কুকুৰা পালন, উদ্যান শস্যৰে স্বাৱলম্বী হোৱা ওদালগুৰিৰ জুলেখা বাগলাৰী, উদ্যান শস্যৰে স্বাৱলম্বী হোৱা ডিমা হাচাওৰ নিপোলা জহাৰী, মিক্সড ফাৰ্মিঙৰ জৰিয়তে আদৰ্শ দেখুওৱা যোৰহাটৰ নৱনীতা দাস, দুগ্ধ উৎপাদন, মীন পালন, নাৰ্ছাৰীৰে স্বাৱলম্বী হোৱা গোৱালপাৰাৰ সবিতা কলিতা, উদ্যান শস্য, নাৰ্ছাৰী, হস্ত শিল্পৰে স্বাৱলম্বী হোৱা পশ্চিম কাৰ্বি আংলং জিলাৰ জয়মতী টকবিপি, গাহৰি পালনেৰে স্বাৱলম্বী হোৱা বাক্সাৰ দময়ন্তী ৰামচিয়াৰী, কৃষি আৰু উদ্যান শস্যৰ আদৰ্শ দেখুওৱা মাজুলীৰ দীপা বৰুৱা, গাহৰি পালন, কাঠফুলা, হস্তশিল্পৰে স্বাৱলম্বী হোৱা চিৰাঙৰ ৰঞ্জিতা বসুমতাৰী, দুগ্ধ উৎপাদনেৰে স্বাৱলম্বী হোৱা নলবাৰীৰ দীপালী দেৱী, গাহৰি পালন, ছাগলী পালন আৰু তাঁতশালেৰে স্বাৱলম্বী হোৱা বজালীৰ বীণা বড়ো আৰু দুগ্ধ উৎপাদন, শস্য উৎপাদনেৰে স্বাৱলম্বী হোৱা শিৱসাগৰ জিলাৰ পদুমী দত্তক নাবাৰ্ডৰ ফালৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। 

 

অসমৰ জাতীয় সংগীত পৰিবেশনেৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ শেষত ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হয়। তাৰোপৰি অনুষ্ঠানৰ মাজতে প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ সঞ্চালক স্মিতাক্ষী বি গোস্বামীকো উদ্যোগী মহিলাসকলৰ বাবে লোৱা পদক্ষেপৰ বাবে বিশেষ সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটোৰ আঁত ধৰে নাবাৰ্ডৰ বিষয়া যতীন গোঁহাই আৰু ভামা দেউৰীয়ে।

NABARD