নিৰ্বাচনী যাত্ৰা ৰূদ্ধঃ নৱ শৰণীয়াৰ স্বপ্ন ভংগ...

নিৰ্বাচনী যাত্ৰা ৰূদ্ধঃ নৱ শৰণীয়াৰ স্বপ্ন ভংগ...

author-image
Asomiya Pratidin
New Update
নিৰ্বাচনী যাত্ৰা ৰূদ্ধঃ নৱ শৰণীয়াৰ স্বপ্ন ভংগ...

ডিজিটেল ডেস্কঃ কোকৰাঝাৰত লোকসভা নিৰ্বাচন খেলাৰ স্বপ্ন ভংগ নৱ শৰণীয়াৰ। জাতিগত পত্ৰৰ বিসংগতিৰ বাবে শৰণীয়াৰ মনোনয়ন বাতিল কৰিলে নিৰ্বাচনী আয়োগে। উল্লেখ কৰা প্ৰয়োজন যে, গুৱাহাটী উচ্চ ন্যায়ালয়ে নৱ শৰণীয়া জাতিগত প্ৰমাণপত্ৰ ভুৱা বুলি ৰায় প্ৰদান কৰি অনুসূচিত জনজাতিৰ নহয় বুলি ঘোষণা কৰিছিল। ততসত্বেও শৰণীয়াই সদলবলে দাখিল কৰিছিল মনোনয়ন। কিন্তু শেহতীয়াকৈ নিৰ্বাচনী আয়োগে শৰণীয়াৰ মনোনয়ন অগ্ৰাহ্য কৰে।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে,  এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত মহাধিবক্তা দেৱজিৎ শইকীয়াই মত প্ৰকাশ কৰিছিল যে, , ‘‘নৱ কুমাৰ শৰণীয়াই ২০১১ চনত সদৌ অসম ট্ৰাইবেল সংঘৰ পৰা এখন জাতিগত প্ৰমাণপত্ৰ উলিয়াইছিল । উক্ত প্ৰমাণপত্ৰৰ ওপৰত আপত্তি দৰ্শাই ২০১৯ চনত জনকলাল গোস্বামীয়ে এখন আপত্তিপত্ৰ দাখিল কৰিছিল । ২০২৪ৰ ১২ জানুৱাৰীত নৱ কুমাৰ শৰণীয়া বড়ো-কছাৰী নহয় বুলি প্ৰমাণ হয় আৰু ২০ জানুৱাৰীত তেওঁৰ জাতিগত প্ৰমাণপত্ৰখন নাকচ কৰা হয় ।’’

নৱ শৰণীয়া