/asomiyapratidin/media/media_files/2025/05/25/ldWjKfXwWpmuN8FrlyO8.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰ, ২৫মে: সমাগত বিটিচি নিৰ্বাচনক লৈ ৰাজনৈতিক দল সমুহৰ মাজত আৰম্ভ হৈছে ক্ষমতা দখলৰ ৰাজনীতি। বিজেপি , ইউপিপিএল , কংগ্ৰেছ দলে বিটিচিৰ নিৰ্বাচনত সফলতা লাভৰ বাবে ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰাৰ সময়তে কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াই বিপিএফৰে মিত্ৰতা কৰি বিটিচিৰ ৰাজনীতি সলনি কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে।
আজি কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত হোৱা এক সংবাদমেলত কোকৰাঝাৰৰ প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াই কয় যে জিএচপি দলে বিটিচি নিৰ্বাচনত বিপিএফ দলৰে কৰিব আৰু এই মিত্ৰতা সন্দৰ্ভত আলাপ-আলোচনা অব্যাহত আছে। জিএচপি দলে এইবাৰ অকলে নিৰ্বাচন নেখেলাৰ কথা স্পষ্ট কৰি দি নৱ কুমাৰ শৰণীয়াই বিপিএফ দলৰে মিত্ৰতা কৰি বিটিচিত হাগ্ৰামা মহিলাৰীৰ নেৰ্তৃত্বত চৰকাৰ গঠন হ'ব বুলি ঘোষণা কৰি উক্ত চৰকাৰৰ সহযোগী দল হিচাপে থাকিব জিএচপি থাকিব বুলি মন্তব্য কৰিছে।
জিএচপিৰ সহযোগত বিপিএফে অকলেই ২০ -২২ খন আসন পাব বুলি মন্তব্য কৰি চিৰাং আৰু কোকৰাঝাৰত বিপিএফ আৰু জিএচপিৰ বাহিৰে আন কোনো দলে আসন নাপায় বুলি মন্তব্য কৰিছে শৰণীয়াই । অৱশ্যে অনাগত নিৰ্বাচনত কিমানখন আসনত জিএচপিয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব বা নৱ কুমাৰ শৰণীয়াই নিৰ্বাচনত অবতীৰ্ণ হবনে নাই সেয়া পিছত নিৰ্ধাৰণ কৰা হ'ব বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীৰ ওচৰত জনতা Comfortable যদিও প্ৰমোদ বড়োৰ ওচৰত জনতা কমফৰটেবল নহয় বুলি মন্তব্য কৰিছে নৱ শৰণীয়াই ।
পৰিবৰ্তনৰ স্বাৰ্থত প্ৰমোদ বড়োক আগুৱাই দিয়া হৈছিল অথচ পাঁচ বছৰত প্ৰমোদ বড়োই যি কাম কৰিলে এতিয়া আৰু সমৰ্থন কৰা অসম্ভৱ বুলি মন্তব্য কৰি হাগ্ৰামা মহিলাৰীৰ নেৰ্তৃত্বত ভৱিষ্যতৰ বিটিচি সুন্দৰ আৰু মঙ্গল হ'ব বুলি মন্তব্য কৰিছে প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াই । হাগ্ৰামা মহিলাৰী নেৰ্তৃত্বাধীন বিপিএফ দলৰ সতে নৱ কুমাৰ শৰণীয়া নেৰ্তৃত্বাধীন জিএচপি দলৰ মিত্ৰতা চুড়ান্ত হলে আগন্তুক বিটিচি নিৰ্বাচনত ব্যপক প্ৰভাৱ পৰিব নেকি তাকে লৈ এতিয়া সৰ্বত্ৰে চৰ্চা অব্যাহত আছে।