Advertisment

বিপিএফৰ সৈতে মিত্ৰতাৰ ইংগিত নৱ কুমাৰ শৰণীয়াৰ

বাক্সা জিলাৰ মুছলপুৰত শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰে ৰাজনৈতিক দল গণ সুৰক্ষা পাৰ্টী চমুকৈ জি এছ পিৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াই ।

author-image
Asomiya Pratidin
New Update
বিপিএফৰ সৈতে মিত্ৰতাৰ ইংগিত নৱ কুমাৰ শৰণীয়াৰ

বিপিএফৰ সৈতে মিত্ৰতাৰ ইংগিত নৱ কুমাৰ শৰণীয়াৰ

ডিজিটেল সংবাদ, বাক্সা : বাক্সা জিলাৰ মুছলপুৰত শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰে ৰাজনৈতিক দল গণ সুৰক্ষা পাৰ্টী চমুকৈ জি এছ পিৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন সাংসদ নৱ কুমাৰ শৰণীয়াই । তেওঁ অহা ৯ মাৰ্চত প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত কৰাৰ কথা সদৰী কৰে । 

Advertisment

এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই অধিবেশনতে দলীয় বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ কথাও সদৰী কৰে শৰণীয়াই । আগন্তুক বি টি চি পৰিষদীয় নিৰ্বাচনত বি পি এফৰ সৈতে মিত্ৰতা প্ৰায় নিশ্চিত বুলি উল্লেখ কৰি যদি মিত্ৰতা হয় তেন্তে বিপিএফ-জিএছপিয়ে ৩২-৩৫ খন আসন লাভ কৰিব বুলি মন্তব্য কৰে প্ৰাক্তন সাংসদগৰাকীয়ে । 

উল্লেখযোগ্য যে আজিৰ সংবাদমেলত বি টি চিৰ এমচিএলএ ঘনশ্যাম দাস আৰু বাক্সা জিলা জি এছ পিৰ সাধাৰণ সম্পাদক অনন্ত ডেকা উপস্থিত থাকে ।

NABA KUMAR SARANIA baksa