/asomiyapratidin/media/media_files/2025/06/08/f7FaDYgmMX3jk2LwvzSq.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ দক্ষিণ পূব দিশত অৱস্থিত ঐতিহ্যমণ্ডিত শলগুৰি সত্ৰ নসত্ৰত দেওবাৰে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। সাতামপুৰুষীয়া ৰীতি -নীতিৰে, ধৰ্মীয় পৰম্পৰাক সৰোগত কৰি আজি সত্ৰখনিত অনুষ্ঠিত হৈছে "গোসাঁই উলিওৱা মহোৎসৱ"।
তদুপলক্ষে পুৱাৰে পৰা ভকত বৈষ্ণৱ, আইমাতৄ সকলৰ উপস্থিতিত হৰিনাম কীৰ্তনৰে মুখৰিত হৈ পৰিছে। উল্লেখ্য যে, বটদ্ৰৱা শলগুৰি সত্ৰৰ শশধৰ আতাই প্ৰতিষ্ঠা কৰা ঐতিহ্যমণ্ডিত শলগুৰি সত্ৰ নসত্ৰ কীৰ্তনঘৰত আজি দিনজোৰা কাৰ্যসূচীৰে গোসাঁই উলিওৱা মহোৎসৱ অনুষ্ঠিত হৈছে।
পুৱাৰে পৰা ধৰ্মধ্বজা উত্তোলন, আইসকলৰ নাম, খোল প্ৰসঙ্গৰ পাছতে দুপৰীয়া নামপ্ৰসংগ অনুষ্ঠিত হয়। পাছত সন্ধিয়া বন্তি প্ৰজ্বলন আদি বিভিন্ন কাৰ্যসূচীৰ অন্তত নিশা নসত্ৰ নৱজ্যোতি যুৱক সংঘই ৰাৱন বধ ভাওনা পৰিবেশন কৰিব।
ইফালে নসত্ৰ কীৰ্তনঘৰৰ ঈশ্বৰ তুল্য বুলি সত্ৰই মানি অহা "গুৰুজনাৰ সাগৰজুলি বস্ত্ৰ, গুৰুজনাৰ পাদুকা, গুৰুজনাৰ পদশিলা, চতুৰ্ভুজ বিষ্ণু মূৰ্তি, গৰুড়পক্ষীৰ মূৰ্তি আদি সত্ৰৰ সম্পদসমূহৰ ভক্তপ্ৰাণ ৰাইজক দৰ্শনৰ বাবে মনিকূটৰ বাহিৰত স্থাপন কৰা হয়।