/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/99832ceb-c25f-4c2c-a06a-b0dde913f28c/mayang.jpg)
মহাবিদ্যালয় চৌহদত আনন্দৰ বন্যা
ডিজিটেল সংবাদ, মায়ংঃ অসমৰ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ তালিকাত নাম সোমাল মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ। বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনস্থ ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যাৰ্পণ পৰিষদ চমুকৈ "নাক " ৰ পৰিদৰ্শনৰ পিছতেই এই সফলতা লাভ কৰে মায়ং মহাবিদ্যালয়ে। মঙলবাৰে নাকৰ ঘোষিত ফলাফল অনুসৰি ৩.৩৭ নম্বৰেৰে A+ গ্ৰেড লাভ কৰে মহাবিদ্যালয়খনে।
উল্লেখ্য যে, যোৱা ৫,৬ ডিচেম্বৰত "নাক" ৰ তিনি জনীয়া দলে পৰিদৰ্শন কৰি গৈছিল মহাবিদ্যালয়খন। তাৰ পিছতেই এই সফলতা। আজি ফলাফল ঘোষণাৰ খবৰ পোৱাৰ পিছতেই মহাবিদ্যালয় চৌহদত এক আৱতৰীয়া দিপাৱলী যেন পৰিৱেশ বিৰাজ কৰে। বিহু গীত, নাচেৰে উখল মাখল হৈ পৰে মহাবিদ্যালয়ৰ চৌপাশ । আনন্দত উৎফুল্লিত হৈ পৰে মহাবিদ্যালয়ৰ শিক্ষক, ছাত্ৰ ছাত্ৰীৰ লগতে ৰাইজ ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/3f34f071-b1af-4ed8-ad4c-895b6242b9a2/mayang1.jpg)
সমগ্ৰ মায়ং এলেকাত আজি আনন্দৰ বন্যা বৈছে। মৰিগাঁও জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত ঐতিহাসিক মায়ঙৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান মায়ং আঞ্চলিক মহাবিদ্যালয় খন ১৯৯২ চনত বান বিধ্বস্ত মায়ঙৰ কৃষিজীৱি ৰাইজৰ দান বৰঙণিৰে স্থাপন হৈছিল। মায়ং আঞ্চলিক মহাবিদ্যালয়খনে ইতিমধ্য গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰি ৩০ বছৰত ভৰি দিলে। অপ্ৰাদেশেকীত মহাবিদ্যালয় খনে ২০১৩ চনত চৰকাৰীভাৱে স্বীকৃতি লাভ কৰে। অৱশ্য নাকৰ পৰিদৰ্শন হোৱা নাছিল।
অৱশেষত চলিত মাহত নাকৰ দ্বাৰা পৰিদৰ্শন কৰোৱা হয়। প্ৰথমবাৰ নাকৰ পৰিদৰ্শনতে A+ গ্ৰেড পোৱা মহাবিদ্যালয়খনেই হ'ল মায়ং। সম্পূৰ্ণ গ্ৰামাঞ্চল পৰিৱেশত স্থাপন হোৱা মহাবিদ্যালয়ৰ এই সফলতাক লৈ আজি ৰাইজ বাৰুকৈয়েই উৎফুল্লিত হৈ পৰিছে।
নাকৰ পৰিদৰ্শন ৰ সময়ত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সহযোগ আছিল উল্লেখযোগ্য। অধ্যক্ষ ড০ মহানন্দ বৰাৰ নেতৃত্বত মহাবিদ্যালয়খনে অসমৰ আগশাৰীৰ মহাবিদ্যালয়ৰ সতে ফেৰ মাৰিবলৈ সক্ষম হৈছে। আজিৰ সফলতাৰ খবৰ পাই প্ৰতিষ্ঠাপক অধ্যক্ষ ড০ ফনিভূষণ নাথেও মহাবিদ্যালয়ত উপস্থিত হৈ আনন্দ প্ৰকাশ কৰে।
আৰু পঢ়কঃ এটা বিষাক্ত সাপৰ মোনাক লৈ টনা আজোৰা...