নামবৰ অভয়াৰণ্যত পেলোৱা মুখবন্ধা বস্তাবোৰক লৈ ৰহস্য

অসমৰ অন্যতম এখন বিখ্যাত অভয়াৰণ্য হৈছে “ নামবৰ অভয়াৰণ্য” ৷ ১৮৭২ চনৰ ৯ আগষ্টত গোলাঘাট মহকুমাৰ ১,৪১,৩৬৩ হেক্টৰ বনাঞ্চলক ইংৰাজে নামবৰ বনাঞ্চল হিচাপে সংৰক্ষিত কৰিছিল ৷

author-image
Asomiya Pratidin
New Update
কি আছে এই বস্তাবোৰত?

কি আছে এই বস্তাবোৰত?

ডিজিটেল সংবাদ, ফৰকাটিং: অসমৰ অন্যতম এখন বিখ্যাত অভয়াৰণ্য হৈছে “ নামবৰ অভয়াৰণ্য” ৷ ১৮৭২ চনৰ ৯ আগষ্টত গোলাঘাট মহকুমাৰ ১,৪১,৩৬৩ হেক্টৰ বনাঞ্চলক ইংৰাজে নামবৰ বনাঞ্চল হিচাপে সংৰক্ষিত কৰিছিল ৷ ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথটো নামবৰ বনাঞ্চলৰ মাজেৰে যোৱাত ইয়াৰ দাঁতিত দুষ্টচক্ৰই  দুয়োকাষে থাৰ্মকল, প্লাষ্টিকৰ আবৰ্জনা পেলোৱাৰ লগতে গোলাঘাটৰ অংশটোত পথৰ পৰা কিছূ ভিতৰত হাবিৰ মাজত বহুকেইটা মুখবন্ধা বস্তা পেলোৱা পৰিলক্ষিত হৈছে। এই মুখবন্ধা বস্তাবোৰত কি আছে সেইয়াও ৰহস্যৰ বিষয় হৈ পৰিছে ৷ 

Advertisment

উল্লেখযোগ্য যে, এই বনাঞ্চলখন নলগাহৰি, মেথোন, উৰণীয়া কেৰ্কেটুৱা আদিকে ধৰি বহু প্ৰজাতিৰ জীৱজন্তু,পখিলা, সৰিসৃপৰ বিভিন্ন প্ৰজাতি, গছগছনি, লটা, দুষ্প্ৰাপ্য প্ৰজাতিৰ ঢ়েকীয়া আদিৰে সমৃদ্ধ ৷ দেশে স্বাধীনতা পোৱাৰ পিছত শাসকৰ শিথিলতাৰ বাবেই নামবৰ বনাঞ্চলখন বেদখলকাৰীৰ কবলত পৰি সংকুচি হ’ল। হেৰাই গ’ল বহুকেইটা দুষ্প্ৰাপ্য প্ৰজাতিৰ জীৱজন্তু আৰু উদ্ভিদ ৷ 

প্ৰয়াত প্ৰাণীতত্ত্ববিদ ড° পদ্মেশ্বৰ গগৈয়ে এই হাবিত আৱিস্কাৰ কৰা এটা অতি দুষ্প্ৰাপ্য প্ৰজাতিৰ ঢ়েকীয়াৰ নাম আমেৰিকাই “গগৈ” নামেৰে নামাঙ্কিত কৰিছিল ৷ এনে এখন বিশাল অৰণ্যত চোৰাং বেপাৰীৰ বাবেই সলখ, শাল আদি ওখ গছৰ সংখ্যও কমি গ’ল ৷ পৰৱৰ্তী সময়ত বনাঞ্চল খন দুভাগত বিভক্ত হ’ল ৷ এটা অংশ কাৰ্বি আংলং আৰু আনটো ভাগ গোলাঘাটৰ হ’ল ৷ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথে বনাঞ্চল খন বিভক্ত কৰিছে ৷ কাৰ্বি আংলং দিশৰ বনাঞ্চলত আছে বিখ্যাত ফটাশীল আৰু গৰমপানী উহঁ ৷ কিন্ত গোলাঘাটৰ অংশটোৰ গছগছনি দিনক দিনে কমি গৈছে ৷  কঠোৰ বন আইন থকাৰ পিছতো এনেদৰে হাবিখনৰ মাজত আৱৰ্জ্জনা পেলোৱাৰ বাবে দুয়োটা অংশৰ বনাঞ্চলৰ জীৱ জন্তুৰ জীৱনলৈ বিপদ মাতি আনিছে ৷ সংকুচিত হৈ পৰা বনাঞ্চলখনৰ অৱশিষ্টখিনি ৰক্ষাৰ হেতু বনবিভাগে তীক্ষ্ণ নজৰ দিবৰ বাবে প্ৰকৃতিপ্ৰেমীয়ে আহ্বান জনাইছে ৷    

গোলাঘাট নামবৰ