/asomiyapratidin/media/media_files/2024/12/12/rnJYmhqbIYoQrI2W8Ncq.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত দিঘলী গাঁৱত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যুকলৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। উল্লেখযোগ্য যে যোৱা ৭ ডিচেম্বৰত শিলা ঘোষ নামৰ এগৰাকী মহিলাই স্বামীগৃহত অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটি লয়।
এই মৃত্যুক এতিয়া সহজভাৱে ল’ব পৰা নাই মহিলাগৰাকীৰ পিতৃ পৰিয়ালৰ লোকসকলে। দুই সন্তানৰ মাতৃ এই মহিলাগৰাকীক কেইবাবছৰ ধৰি স্বামীগৃহৰ পৰিয়ালৰ লোকে অত্যাচাৰ কৰি অহাৰ এক অভিযোগ উথাপন কৰি ই এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্রকাশ কৰিছে।
এই ঘটনা সম্পৰ্কত ভুক্তভোগী মহিলাগৰাকীৰ পৰিয়ালে চাৰিদুৱাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। মহিলাগৰাকীৰ ভাতৃয়ে কান্দি কান্দি আৰক্ষীক এই বিষয়টো সন্দৰ্ভত এক উচিত তদন্ত কৰিবলৈ অনুৰোধ জনায়। কিন্ত ৰহস্যজনকভাৱে মহিলাগৰাকীৰ স্বামীগৃহৰ পৰিয়ালৰ লোকে এতিয়ালৈকে আৰক্ষীক ঘটনাৰ সন্দৰ্ভত কোনো কথাই অৱগত কৰা নাই বুলি জানিবলৈ দিয়ে।