ধুবুৰীত পুনৰ ৰহস্যজনক দেৱাল লিখন…

শনিবাৰে নিশা ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ এখন বন্ধ দোকানৰ টিনৰ বেৰত পুনৰ প্ৰত্যক্ষিত হয় চক পেঞ্চিলেৰে লিখা দুটাকৈ লিখনি । কোন শক্তিয়ে, কি উদ্দেশ্যৰে এই ৰহস্যজনিক লিখনিকেইটা লিখিলে সেয়া এতিয়াও স্পষ্ট নহয় । 

author-image
Asomiya Pratidin
New Update
 দেৱাল লিখন

ডিজিটেল সংবাদ, ধুবুৰী : শনিবাৰে নিশা ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ এখন বন্ধ দোকানৰ টিনৰ বেৰত পুনৰ প্ৰত্যক্ষিত হয় চক পেঞ্চিলেৰে লিখা দুটাকৈ লিখনি । কোন শক্তিয়ে, কি উদ্দেশ্যৰে এই ৰহস্যজনিক লিখনিকেইটা লিখিলে সেয়া এতিয়াও স্পষ্ট নহয় । 

Advertisment

ইতিমধ্যে ঘটনাস্থলীত জিলা আয়ুক্তকে ধৰি ধুবুৰী আৰক্ষীৰ শীৰ্ষ বিষয়াসকল উপস্থিত হৈছে । উল্লেখ্য যে কুৰবানী ঈদৰ আগদিনা, যোৱা ৬ জুনৰ নিশা উক্ত অঞ্চলৰে জিলা আয়ুক্তৰ বাসভৱনৰ ওচৰৰ পৌৰসভাৰ উদ্যান এখনৰ তিনিটাকৈ পকী বেৰত দেখা গৈছিল অনুৰূপ দেৱাল লিখন ।  

ইফালে পূৰ্বৰ ৬ জুনৰ সেই বিশেষ লিখনিৰ দুদিন পিছতে ৮ জুনৰ দিনা ধুবুৰীৰ ৩ নং ওৱাৰ্ডৰ এটা হনুমান মন্দিৰৰ সমীপত গো-মুণ্ড উদ্ধাৰ হোৱাকলৈ সমগ্ৰ ধুবুৰী চহৰতে সৃষ্টি হৈছিল উত্তেজনাৰ । আনকি ধুবুৰীৰ পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও বিগত ৬ জুনৰ সেই বিশেষ দেৱাল লিখনিৰ পৰিপ্ৰেক্ষিতত চহৰখনৰ সাম্প্ৰতিক উত্তেজনাৰ আঁ‌ৰত বিশেষ বাংলাদেশী শক্তি সক্ৰিয় বুলি মন্তব্য প্ৰদান কৰিছিল।

ধুবুৰী জিলা ধুবুৰী