/asomiyapratidin/media/media_files/2025/04/19/ALAjIzmZ3PRobeukOfek.jpg)
হত্যাৰ সন্দেহত যুৱ ছাত্ৰৰ উদ্যোগত ৰাইজৰ উত্তাল প্ৰতিবাদ
ডিজিটেল সংবাদ, চিচিবৰগাঁও: চিচিবৰগাঁও আৰক্ষী চকী অন্তৰ্গত গড়মৰাত এগৰাকী যুৱতীৰ সন্দেহজনক আত্মহত্যাৰ ঘটনক লৈ অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। ১৫ এপ্ৰিলত গাঁওখনৰ পুনিল চুতীয়াৰ ঘৰতে উদ্ধাৰ হ'ল কন্যা কুঁহি চুতীয়াৰ ( ১৭) মৃতদেহ। ডিঙিত ৰছী ওলোমাই আত্মহত্যা কৰা বুলি প্ৰতিৱেশীক জনায় কুঁহিৰ পৰিয়ালে। কুঁহি চিচিবৰগাঁও বিজ্ঞান কলেজৰ একাদশ শ্ৰেণীৰ ছাত্ৰী আছিল ।
ঘটনাৰ খবৰ পাই যুৱতীৰ মৃতদেহ চাবলৈ আহি স্তম্ভিত হৈ পৰে ওচৰ চুবুৰীয়া। কুঁহিৰ ভৰিৰ পৰা পিঠি, ডিঙিলৈকে সৰ্বত্ৰ আঘাতৰ স্পষ্ট চিন প্ৰত্যক্ষ কৰে প্ৰতিৱেশী ৰাইজে। যুৱতীগৰাকীক অত্যাচাৰ চলাই হত্যাৰ অন্তত আত্মহত্যাৰ ৰূপ দিয়া বুলি ৰাইজে অভিযোগ কৰিছে। ঘটনাত কুঁহিৰ বৰদেউতা, পিতৃ,মাহীমাক আদি জড়িত থকা বুলি অভিযোগ তোলে নিকট আত্মীয়ই।
উল্লেখযোগ্য যে, বৰদেউতাক হৰেন চুতীয়াই এসময়ত কুঁহিৰ মাতৃক নৃশংসভাৱে হত্যা কৰি কাৰাবাস খাটিছিল আৰু অলপতে জে'লৰ পৰা ওলাই আহিছিল। দোষীক কঠোৰ শাস্তিৰ দাবীত শনিবাৰে চিচিবৰগাঁওত অসম জাতীয়তাবাদী মহিলা পৰিষদৰ উদ্যোগত ৰাইজে উলিয়াই এক প্ৰতিবাদী সমদল। সংগঠনটোৰ চিচিবৰগাঁও কাৰ্যালয়ৰ পৰা আৰক্ষী চকীলৈকে ওলোৱা সমদলত অৰ্ধসহস্ৰাধিক লোকে অংশ লয়। যুৱ ছাত্ৰ পৰিষদ, গড়মৰাবাসী ৰাইজ,কুঁহিৰ সহপাঠী আদি বহু লোকে অংশ লয় এই প্ৰতিবাদত। আইনৰ সুৰুঙাৰে যাতে কোনোপধ্যে হত্যাকাৰী বাচি নাযায় তাৰ বাবে ব্যৱস্থা লোৱাৰ আহ্বান জনায় প্রতিবাদকাৰী সকলে।