/asomiyapratidin/media/media_files/2025/03/03/hvntXxlaWi0rZu9jm6jP.jpg)
বহিঃ ৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ এজন যুৱকৰ বহিঃ ৰাজ্যত মৃত্যু হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ নবিল গাঁৱৰ প্ৰয়াত জহান হেমৰম আৰু আলুমণি হেমৰমৰ একমাত্ৰ পুত্ৰ সন্তান প্ৰেম মাৰ্চেল হেমৰম নামৰ ২৫ বছৰীয়া যুৱকজনে পৰিয়াল পোহপালনৰ তাগিদাত ২৬ ফেব্ৰুৱাৰীত কৰ্ম্ম সংস্থাপন বিচাৰি হাৰিয়ানালৈ বুলি ৰে’লযোগে যাত্ৰা কৰিছিল ৷
গাঁৱখনৰ অতি দৰিদ্ৰ পৰিয়ালৰ পিতৃহাৰা যুৱকগৰাকীয়ে ৰুগীয়া মাতৃ আৰু শাৰীৰিকভাৱে অক্ষম পেহীয়কক ঘৰত এৰি গৈ গন্তব্য স্থান পোৱাৰ পুৰ্ব্বেই হাৰিয়ানা ষ্টেচনৰ সমীপতে ৰহস্যজনভাৱে অকাল মৃত্যুক সাৱতি ল’ব লগা হয় ৷ পিছত হাৰিয়ানাৰ ৰে’ল আৰক্ষীয়ে প্ৰেম মাৰ্চেল হেমৰমৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।
ইয়াৰ পাছতে যুৱকজনৰ পকেটত পোৱা পৰিচয়পত্ৰৰ ভিত্তিত পৰিয়ালক খবৰ দিয়ে৷ এই খবৰ পাই মাতৃ আলুমণি আৰু পেহীয়কৰ লগতে পৰিয়ালৰ লোকসকল শোকত ভাঙি পৰি জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ সম্প্ৰতি যুৱকজনৰ দুৰ্ভগীয়া মাতৃ আৰু পেহীয়েকে নিজ সন্তানৰ মুখ অন্তিমবৰাৰ বাবে চাই লোৱাৰ হেপাঁহত মৃতদেহটো হাৰিয়ানাৰ পৰা অনাৰ ব্যৱস্থা কৰি দিবলৈ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ জনাইছে ৷
আনহাতে প্ৰেম মাৰ্চেলক কোনো অজ্ঞাত লোকে হাৰিয়ানাত চলন্ত ৰে’লৰ পৰা পেলাই দি হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে। তাৰোপৰি এই ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে মাতৃ তথা গাঁওবাসী ৰাইজে ৷