ননৈ তুলসীমুখত নৱ বিবাহিত বোৱাৰীৰ ৰহস্যজনক মৃত্যু...

মৃত বোৱাৰী গৰাকী কামপুৰ দক্ষিণপাট ভকত গাঁৱৰ অংকিত বৰা ৷ এবছৰ পূৰ্বে তুলসীমুখ কুৰোৱাবাহীৰ বিশ্বজিত দাস নামৰ এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল অংকিতা ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,কামপুৰঃ নগাঁৱৰ ননৈ তুলসীমুখত এগৰাকী নৱ বিবাহিত বোৱাৰীৰ ৰহস্যজনক মৃত্যুয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে । স্বামীগৃহত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছে বোৱাৰী গৰাকীৰ মৃতদেহ । 

Advertisment

মৃত বোৱাৰী গৰাকী কামপুৰ দক্ষিণপাট ভকত গাঁৱৰ অংকিত বৰা ৷ এবছৰ পূৰ্বে তুলসীমুখ কুৰোৱাবাহীৰ বিশ্বজিত দাস নামৰ এজন যুৱকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল অংকিতা । স্বামী বিশ্বজিত দাস অসম আৰক্ষী কামাণ্ডো বাহিনীত কৰ্মৰত । 

উল্লেখযোগ্য যে, প্ৰায়ে পতি-পত্নীৰ মাজত সংঘটিত হৈছিল বাক-বিবাদ । অংকিতাক মাৰপিট কৰাৰো অভিযোগ উত্থাপন হৈছে স্বামীৰ বিৰুদ্ধে । মৃত অংকিতাক প্ৰতিদিনে মানসিক অত্যাচাৰ চলায় আহিছিল স্বামীৰ পৰিয়ালে । ৬ মাহ পূৰ্বে অংকিতাক পিতৃ মাতৃয়ে লৈ আহিছিল নিজ গৃহলৈ ৷ পাছত স্বামী বিশ্বজিতে পুনৰ অংকিতাক লৈ গৈছিল স্বামীৰ গৃহলৈ ৷ 

অংকিতাৰ মাতৃ পৰিয়ালৰ অভিয়োগ অনুসৰি সোমবাৰে নিশাও স্বামীয় মাৰপিট কৰিছিল অংকিতাক । পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি অংকিতাই নিশাই সকলো কথা খুলি কৈছিল মাতৃক ৷ মাতৃয়ে বুজনি দি পুৱালৈ অপেক্ষা কৰিব দিছিল অংকিতাক ৷ 
কিন্তু পুৱা ৰহস্যজনক ভাৱে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় অংকিতাৰ মৃতদেহ ৷ অংকিতাৰ পৰিয়ালৰ অভিযোগ এইয়া আত্মহত্যা নহয় হত্যা কৰি উলমাই ৰখা হৈছে অংকিতাক ৷

ঘটনা সন্দৰ্ভত অংকিতাৰ পিতৃ-মাতৃয়ে এজাহাৰ দাখিল কৰিছে স্বামী বিশ্বজিত আৰু পৰিয়ালৰ বিৰুদ্ধে ৷ ঘটনাস্থলীত ননৈ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ 

কামপুৰ