New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/generic_earthquake_breaking_news-1.jpg)
ম্যানমাৰত ৭.২ প্রাবল্যৰ ভূঁইকঁপ
ডিজিটেল ডেস্ক: শুকুৰবাৰে বৰভূঁইকঁপে জোকাৰি যায় ম্যানমাৰৰ বিস্তৃত অঞ্চল। একেৰাহে অহা ৭.৭ আৰু ৬.৪ প্ৰাবল্যৰ বৰভূমিকম্পৰ ফলত থাইলেণ্ডৰ ৰাজধানী বেংককত প্ৰবল কম্পন অনুভৱ কৰা হয়। ম্যানমাৰৰ মাণ্ডেলেৰ আইকনিক আভা দলংখন ইৰাৱাডী নদীত ভাঙি পৰাৰ লগতে কেইবাটাও অট্টালিকা ছিন্নভিন্ন হৈ পৰে। এই বৃহৎ ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল ছাগাইঙ অঞ্চল। দিনৰ ১১.৫৩বজাত অসমতো অনুভূত হয় ভূঁইকঁপ। চুবুৰীয়া আন কেইবাখনো দেশত অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি।
ভূমিকম্পৰ প্ৰভাৱ ইমানেই প্ৰৱল আছিল যে প্ৰায় ৯০০ কিলোমিটাৰ দূৰৈৰ বেংককক কঁপাই জোকাৰি গৈছিল। থাইলেণ্ডৰ ৰাজধানীখনৰ কেইবাটাও উচ্চ অট্টালিকা সমতল কৰি পেলাইছিল বুলি ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে। লগতে ভাইৰেল হৈছে আন কেইবাটাও ভিডিঅ যত অট্টালিকাৰ চুইমিং পুলৰ পৰা পানী ওলাই দেখা গৈছে। একেৰাহে অহা দুটা বৰ ভুমিকম্পৰ বাবে আতংকিত হৈ পৰিছে দেশখনৰ নাগৰিকসকল।