হাৰ মানিলে জুণ্টাই ! ডিচেম্বৰত ম্যানমাৰত হ'ব নিৰ্বাচন, ঘূৰাই আনিব গণতান্ত্ৰিক ব্যৱস্থা...

অৱশেষত হাৰ মানিলে ম্যানমাৰৰ সামৰিক শাসকে! গৃহযুদ্ধত বিধ্বস্ত দেশখনলৈ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ চেষ্টা জেনেৰেল মিন আং হ্লিং নেতৃত্বাধীন চৰকাৰৰ।

author-image
Asomiya Pratidin
New Update
হাৰ মানিলে জুণ্টাই ! ডিচেম্বৰত ম্যানমাৰত হ'ব নিৰ্বাচন, ঘূৰাই আনিব গণতান্ত্ৰিক ব্যৱস্থা...

ডিজিটেল ডেস্কঃ অৱশেষত হাৰ মানিলে ম্যানমাৰৰ সামৰিক শাসকে! গৃহযুদ্ধত বিধ্বস্ত দেশখনলৈ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ চেষ্টা জেনেৰেল মিন আং হ্লিং নেতৃত্বাধীন চৰকাৰৰ। জেনেৰল মিন আং হ্লিং নেতৃত্বাধীন চৰকাৰে দেশখনৰ পৰা জৰুৰীকালীন অৱস্থা প্ৰত্যাহাৰ কৰি গণতান্ত্ৰিক কাৰ্যকলাপৰ ওপৰত থকা সকলো ধৰণৰ নিষেধাজ্ঞা বৃহস্পতিবাৰে উঠাই লৈছে। তাৰোপৰি অহা ডিচেম্বৰত দেশখনত নিৰ্বাচন অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে।  

Advertisment

উল্লেখ্য যে, চুবুৰীয়া দেশখনত সশস্ত্ৰ বিদ্ৰোহী মিত্ৰজোঁটৰ লগতে গণন্ত্ৰৰ সমৰ্থকসকলে বিদ্ৰোহ অব্যাহত ৰাখিছে। ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত সেই সময়ৰ গণতান্ত্ৰিক নেত্ৰী তথা দেশখনৰ প্ৰধানমন্ত্ৰী আং ছাং চ্যু কিৰ দল নেচনেল লীগ ফৰ ডেম’ক্ৰেচিৰ নেতৃত্বাধীন চৰকাৰখনক ভংগ কৰিছিল। আৰম্ভ হৈছিল সামৰিক জুন্টাৰ শাসন। 

ইয়াৰ বিৰুদ্ধে দেশখনত প্ৰৱল প্ৰতিবাদ আৰম্ভ হৈছিল যদিও সামৰিক শক্তিৰে সেই প্ৰতিবাদক দমন কৰিছিল সামৰিক জুণ্টাই। এজনৰ পিছত এজনকৈ নেতা, প্ৰতিবাদকাৰীক নিক্ষেপ কৰিছিল জেললৈ। এই সামৰিক বাহিনীয়ে দেশখনৰ সকলো গণতান্ত্ৰিক ৰাজনৈতিক দল, বিভিন্ন জাতি-জনগোষ্ঠীক অবিৰতভাৱে লক্ষ্য কৰি আহিছে। 

তাৰ মাজতেই বিভিন্ন বিদ্ৰোহী সংগঠনে সামৰিক বাহিনীৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছে। এনে পৰিস্থিতিৰ মাজতেই যোৱা নৱেম্বৰত সেই দেশৰ তিনিটা মুখ্য বিদ্ৰোহী গোট একত্ৰিত হৈ ‘থ্ৰী ব্ৰাদাৰহুড এলায়েন্স’ গঠন কৰে। এই গোটে সামৰিক জুন্টা চৰকাৰৰ বিৰুদ্ধে আৰম্ভ কৰে অভিযান। 

থ্ৰী ব্ৰাদাৰহুড এলায়েন্সে জুণ্টা বাহিনীৰ বিৰুদ্ধে চলোৱা অভিযানৰ নাম ৰাখিছে ‘অপাৰেচন ১০২৭’। থ্ৰী ব্ৰাদাৰহুড এলায়েন্সৰ সন্মমুখত বিধ্বস্ত হৈছে সামৰিক বাহিনী। দেশখনৰ অধিকাংশ অঞ্চলেই এতিয়া তেওঁলোকৰ দখলত। 

এনে পৰিস্থিতিত এতিয়া দেশখনৰ পৰিস্থিতি স্বাভাৱিক কৰিবলৈ গণতান্ত্ৰিক শাসন ব্যৱস্থা ঘূৰাই অনাৰ বাহিৰে বিকল্প নোহোৱা হৈছে। ৰাজনৈতিক পৰ্যবেক্ষকসকলে সেয়ে দাবী কৰিছে ম্যানমাৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিবলৈ বাধ্য হৈছে সামৰিক শাসকে। 

স্মৰ্তব্য, বিদ্ৰোহী বিদ্ৰোহী মিত্ৰজোঁট ‘থ্ৰী ব্ৰাদাৰহুড এলায়েন্স’এ বিদ্ৰোহ অব্যাহত ৰাখিছে যদিও দেশখনৰ দ্বিতীয়টো দ্বিতীয় বৃহত্তম সশস্ত্ৰ গোট ম্যানমাৰ নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স আৰ্মী চমুকৈ এম এন ডি এ এয়ে যোৱা জানুৱাৰী মাহত যুদ্ধবিৰতিৰ চুক্তিত স্বাক্ষৰ কৰিছিল। ফলত সামৰিক চৰকাৰখনে কিছু সকাহ লাভ কৰিছিল। 
কিন্তু দেশখনৰ আন কেইটামান বিদ্ৰোহী গো ‘চাইনা নেশ্যনেল আৰ্মি’ (চি এন এ), চাইনালেণ্ড ডিফেন্স ফৰ্চ (চি ডি এফ), ‘কাচিন লিবাৰেচন ডিফেন্স ফ’ৰ্চ’ (কে এল ডি এফ),  পিপলছ ডিফেন্স ফৰ্চ (পি ডি এফ), টাং নেচনেল লিবাৰেশ্যন আৰ্মী (টি এন এল এ) আৰু ‘আৰাকান আৰ্মী’ (এ এ)  আদিয়েও জুন্টাৰ সেনাবাহিনীৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছে। 

অৱশ্যে দেশখনৰ শেহতীয়া এই ৰাজনৈতিক পট পৰিবৰ্তনত চীনৰ প্ৰভাৱ স্পষ্ট হৈ আছে। চীনে ম্যানমাৰত যথেষ্ট বিনিয়োগ কৰিছে। সেয়ে দেশখনে ম্যানমাৰৰ গৃহ যুদ্ধ বন্ধ কৰাৰ বাবে যোৱা বছৰসমূহত ধৰি সক্ৰিয়তাৰে কাম কৰি আছে। 

ম্যানমাৰ আং চান চ্যু কি