ম্যানমাৰৰ বৰ ভূঁইকপঁৰ শেহতীয়া খবৰঃ মৃত্যুৰ সংখ্যা ১৬০০ৰো অধিক...

ম্যানমাৰৰ বৰ ভূইঁকপঁত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হৈয়ে আছে। দেওবাৰৰ পুৱা ভাগলৈকে উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে ১৬৪৪গৰাকী লোকৰ মৃতদেহ। আনফালে প্ৰশাসনে সদৰি কৰা তথ্য অনুসৰি,

author-image
Asomiya Pratidin
New Update
hjhjsss

ডিজিটেল ডেস্কঃ ম্যানমাৰৰ বৰ ভূইঁকপঁত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হৈয়ে আছে। দেওবাৰৰ পুৱা ভাগলৈকে উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে ১৬৪৪গৰাকী লোকৰ মৃতদেহ। আনফালে প্ৰশাসনে সদৰি কৰা তথ্য অনুসৰি, ৩,৪০৮গৰাকী লোকৰ আহত হৈছে। উল্লেখ্য যে, শুকুৰবাৰে অগাপিছাকৈ অহা কেইবাটাও ভূমিকম্পত তচনচ হৈছিল ম্যানমাৰৰ লগতে থাইলেণ্ড।

Advertisment

এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে, ম্যানমাৰত এতিয়াও অনূভূত হৈ আছে কম প্ৰাৱল্যৰ ভূমিকম্প। বিগত ৪৮ঘন্টাত কুৰিৰো অধিক সৰু সৰু ভূমিকম্পই সঘনাই জোঁকাৰি আছে ম্যানমাৰক। ইতিমধ্যে ম্যানমাৰ আৰু থাইলেণ্ডক সহায় কৰিছে বিশ্বৰ বহুকেইখন দেশে।

 নিউজিলেণ্ড আৰু দক্ষিণ কোৰিয়াই ৪মিলিয়ন ডলাৰ অৰ্থ সাহায্য প্ৰদান কৰিছে দেশখনক। ইফালে ভাৰতে খাদ্য সামগ্ৰী প্ৰেৰণ কৰাৰ লগতে যি সহায় লাগে তাকে কৰিবলৈ প্ৰস্তুত বুলি সদৰি কৰিছে। ম্যানমাৰ চৰকাৰৰ সৈতে ফোনযোগে এই সহায়ৰ সন্দৰ্ভত কথাও পাতিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

ম্যানমাৰৰ উদ্ধাৰ কাৰ্যত সহায় কৰিছে ৰাছিয়া, চীনৰ দৰে দেশৰ সেনাই। মুঠৰ ওপৰত এই বিভীষিকাৰ সময়ত ম্যানমাৰক সকলো দেশেই পৰ্যাপ্ত সহায়ৰ হাত আগবঢ়াইছে। 

 

ভূমিকম্প