Advertisment

নেহেৰুবালিত "মোৰ গৌৰৱ বন্দে মাতৰম্" কাৰ্যসূচীৰ আয়োজন...

নগাঁও চহৰৰ নেহেৰুবালিত অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচী অনুসৰি ২৭ জানুৱাৰীত ৩ বজাত "বন্দে মাতৰম" শীৰ্ষক সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব বিধায়ক ৰূপক শৰ্মাই।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ ওম মণ্ডলী শিৱ শক্তি অৱতাৰ সেৱা সন্থাৰ উদ্যোগত ২৭ আৰু ২৮ জানুৱাৰীত দুদিনীয়াকৈ "মোৰ গৌৰৱ বন্দে মাতৰম্" শীৰ্ষক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ওম মহামন্ত্ৰ উচ্চাৰণৰ জৰিয়তে সাৰ্বজনীন সম্প্ৰীতি বিয়পোৱা, দেশৰ বীৰ শ্বহীদ সকলক স্মৰণ কৰি তেওঁলোকৰ প্ৰেৰণাৰে দেশভক্তিক আগুৱাই নিয়াৰ প্ৰয়াসেৰে অনুষ্ঠিত কৰা হ’ব উক্ত অনুষ্ঠানৰ ।

Advertisment

নগাঁও চহৰৰ নেহেৰুবালিত অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচী অনুসৰি ২৭ জানুৱাৰীত ৩ বজাত "বন্দে মাতৰম" শীৰ্ষক সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব বিধায়ক ৰূপক শৰ্মাই। ২৮ জানুৱাৰীৰ পুৱা ১০:০০ বজাত ত্ৰিৰংগা পতাকা উত্তোলন আৰু ৰাষ্ট্ৰীয় সংগীত ' জন গণ মন ' পৰিৱেশন কৰা হ’ব । পতাকা উত্তোলন কৰিব ওম মণ্ডলী শিৱ শক্তি অৱতাৰ সেৱা সংস্থা ৰায়পুৰ, ছট্টিশগড়ৰ সঞ্চালিকা দেৱকী মাইয়াই। 

পৰৱৰ্তী সময়ত বৰগীত পৰিৱেশন, বিশিষ্ট অতিথিসকলৰ আদৰণি  ও বন্তি প্ৰজ্বলনৰ পাছত দিনৰ ১১:০০ বজাত শ্বহীদ তৰ্পণ কৰা হ’ব। ১১:১০ বজাত "বন্দে মাতৰম" অনুষ্ঠানৰ উদ্দেশ্যে ব্যাখ্যা কৰিব দিলীপ ফাৰ্ণাণ্ডেজে,  ১১:২৫ বজাত দেশ ভক্তিমূলক নৃত্য, ১১:৩৫ বজাত বিহু নৃত্য আৰু ১১:৪৫ বজাত দেৱকী মাইয়াৰ "ওম" ধ্বনিৰ তাৎপৰ্য্য বিশ্লেষণ আৰু সমূহীয়াকৈ "ওম" ধ্বনি উচ্চাৰণ  কৰা হ’ব ।

সমান্তৰালভাৱে দুপৰীয়া ১২:১০ বজাত মহা মৃত্যুঞ্জয় মন্দিৰৰ আচাৰ্য আৰু তেওঁৰ শিষ্যসকলৰ দ্বাৰা বৈদিক মন্ত্ৰ উচ্চাৰণ, ১২:২৫ বজাত বিশিষ্ট অতিথিসকলৰ চমু ভাষণ। দুপৰীয়া ১:০০ বজাত "বন্দে মাতৰম" অনুষ্ঠানত সহযোগ কৰা সন্মানীয় ব্যক্তিসকলৰ চিনাকি আৰু সন্মান প্ৰদান তথা শলাগৰ শৰাই। লগতে দুপৰীয়া ১:৩০ বজাত উপস্থিত সকলো লোকৰ দ্বাৰা ৰাষ্ট্ৰীয় গীত "বন্দে মাতৰম" পৰিৱেশন কৰা হ’ব। 

১:৪৫ বজাত উপস্থিত সকলো লোকৰ দ্বাৰা অসমৰ জাতীয় সঙ্গীত "অ'মোৰ আপোনাৰ দেশ" পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি পৰিব । উক্ত কাৰ্য্যসূচীত নগাঁওবাসী ৰাইজৰ উপস্থিতি কামনা কৰিছে ওম মণ্ডলী শিৱ শক্তি অৱতাৰ সেৱা সন্থাৰ কৰ্মকৰ্তা সকলে।

বটদ্ৰৱা