/asomiyapratidin/media/media_files/2025/05/19/hikDSONVEH6ni4ckZXc3.jpg)
Mission Impossible
এখন হলিউদৰ চিনেমা। নাম মিছন ইম্পছিবল। য’ত অভিনয় কৰিছে প্ৰখ্যাত অভিনেতা টম ক্ৰুজকে ধৰি ভালেসংখ্যক অভিজ্ঞ অভিনেতাই। ছবিখনৰ আৰম্ভণিৰ প্ৰেক্ষপটকে ধৰি সাম্প্ৰতিক সময়ত ছবিখনে কি ধৰণে দৰ্শকক ধৰি ৰাখিব, সেই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ ‘মোৰ মত’ শিতানত এটি টোকা যুগুত কৰিছে বৰ্ণিল মেধিয়ে।
কল্পনা কৰক - যাঠিৰ উৰ্ধৰ এজন বৃদ্ধই অনায়াসে জপিয়াইছে আকাশীযানৰ পৰা, পৰ্বতশৃংগৰ পৰা চলাইছে মটৰচাইকেল আৰু নিজৰ বয়সৰ অৰ্ধৰ সৈতে সমানে লগাইছে দৌৰ ! সম্ভৱনে? য'ত আপোনাৰ বা মোৰ কল্পনাৰ পৰিধি শেষ হয়, তাতেই থিয় দিয়ে সোণালী হলিউডৰ সম্ভৱতঃ অন্তিমজন ছুপাৰষ্টাৰে। নাম তেওঁৰ টম ক্রুজ।
প্রবাদপ্রতিম-অবিশ্বাস্য-অবিস্মৰণীয়। টম ক্রুজৰেই সমার্থবহনকাৰী বিশ্বখ্যাত ফ্রেন্সাইজি 'মিছন ইম্পছিবল'ৰ অন্তিমখন চিনেমা 'দ্য ফাইনেল ৰেক'নিং'এ লাভ কৰিছে বিশ্বব্যাপী মুক্তি। ই কেৱল এক ফ্রেন্সাইজিৰ অন্ত নহয়, বৰং এক আধুনিক সাংস্কৃতিক ঐতিহ্যৰ পৰিসমাপ্তি, যিয়ে চিৰদিনলৈ সলনি কৰিছে একচন ছবি, দর্শকৰ প্ৰত্যাশা আৰু আধুনিক যুগৰ চিত্ৰনিৰ্মাণৰ ভাষা।
২৯ বছৰ পূৰ্বে মিছন ইম্পছিবলৰ প্ৰথম খণ্ডই যেতিয়া মুক্তি লাভ কৰিছিল, হয়তো বহু কমেইহে অনুধাৱন কৰিছিল এই ফ্ৰেন্সাইজিয়ে পাবলগীয়া যুগান্তকাৰী সফলতাৰ কথা। ১৯৬৬ত একে নামৰ টেলিভিছন ছিৰিজখনৰ আধাৰত নিৰ্মিত মিখন ইস্পছিবলে শীঘ্ৰেই নিজৰ এক সুকীয়া দর্শক শ্রেণী তৈয়াৰ কৰিছিল।
দর্শকক অতীজৰে পৰাই আকৰ্ষিত কৰা চোৰাংচোৱাৰ কাহিনীক আধাৰ হিচাপে লৈ জন্ম লোৱা মিছন ইম্পছিবলে যোৱা তিনি দশকে ৰূপ লৈছে এক বিশ্বজনীন চিনেমেটিক উৎসৱৰ।
পূৰ্বৰ সাতোখন ছবিৰ মাজেৰে মিছন ইম্পছিবলে বাৰে বাৰে নিজকে পুনৰাৱিষ্কাৰ কৰিছে নতুন কাহিনী তথা ন-ন চৰিত্ৰৰ মাজেৰে, কিন্তু সবাৰো মাজত ধ্রুবক একেটাই- টম ক্রুজৰ কিংবদন্তি 'ইথান হান্ট', যি চৰিত্ৰৰ পৰা উধাই পৰিণত হৈছে এক চিন্তাত- যি এখন জটিল পৃথিৱীৰ বৰ্তাই ৰাখিব খোজা এক শক্তিশালী বিবেকৰ প্ৰতিভূ। পূৰ্বৰ ছবিকেইখনে ইতিমধ্যেই বক্স অফিচত অর্জন কৰিছে প্রায় চাৰি বিলিয়ন ডলাৰৰ অধিক, কিন্তু ইয়াৰ সামগ্রিক প্রভাৱ বক্স অফিচৰ কেইবাযোজন আগলৈ।
মিছন ইম্পছিবল কেৱল এক 'escapist' চিনেমাৰ উদাহৰণ নহয়, বৰঞ্চ মুক্তিপ্ৰাপ্ত সময়ৰ ৰাজনীতি তথা সমাজৰ এক প্রতিচ্ছবিও। নব্বৈ দশকৰ উত্তৰ শীতল যুদ্ধকালৰ অস্থিৰতাৰ পৰা একবিংশ শতিকাৰ প্ৰযুক্তিবিদ্যাজনিত শংকালৈ, সমসাময়িক সময়ৰ সর্বোচ্চ শিহৰণে স্থান পাইছে মিছন ইম্পছিবলৰ কাহিনীত। এনে এক সময়, য'ত তথাকথিত ব্লকবাষ্টাৰসমূহ ছুপাৰ হিৰো আৰু ফেন্টাছিৰে ভৰপূৰ, তেনে প্রেক্ষাপটত মিছন ইম্পছিবলে যৎপৰোনান্তি চেষ্টা চলাইছে বাস্তৱসন্মত একচন চিনেমাক জীয়াই ৰখাৰ।
টম ক্রুজৰ ইথান হান্ট হৈ পৰিছে এক ভংগুৰ পৃথিৱীৰ বিশৃংখলাৰ মাজত আদৰ্শৰ এক উদাহৰণ। ইথান হান্টৰ সমস্যা ঢেৰ, দোষো বহুত- কিন্তু তাৰ মাজতো দৰ্শকৰ মনত প্রবাহমান কৰি ৰাখিছে অন্যায়ৰ বিৰুদ্ধে এক চিৰন্তন যুদ্ধ।
ইথান হাল্টে বাৰে বাৰে প্ৰত্যাহ্বান জনাইছে বয়সজনিত সামাজিক চেতনাকো। প্রায় তিনি দশকে দর্শকে দেখিছে ত্রিশ বছৰীয়া ডেকা চোৰাংচোৱাৰ পৰা ষাঠিৰ উৰ্ধৰ অভিজ্ঞ টম ক্রুজৰ বিৱর্তন- কিন্তু তাৰ মাজতো সলনি হোৱা নাই ইথান হান্টৰ বিবেক, আদর্শ আৰু নৈতিক কম্পাছ।
যিকোনো একে কাহিনীৰ প্ৰত্যক্ষ কোনো প্রভাৱ নাথাকিব পাৰে, কিন্তু দর্শকৰ অৱচেতন মনক ই বাৰুকৈয়ে কৰে প্রভাৱিত। বিগত তিনিটা দশকে তাকেই কৰিছে টম ক্রুজৰ ইথান হান্টে।
এই সকলোৰে মাজত ইথান হান্টৰ পিছফালে থিয় দিছে টম ক্রুজে- হয়তো ধ্রুপদী হলিউডৰ অন্তিমজন ছুপাৰষ্টাৰ। মিছন ইম্পছিবলৰ প্ৰতি তেওঁৰ সমৰ্পণ কেৱল তেওঁৰ কেৰিয়াৰৰ ভোটা তৰায়েই নহয়, বৰঞ্চ চিনেমেটিক অধ্যৱসায়ৰ এক ব্লু-প্ৰিণ্ট।
'মিছন ইম্পছিবল : ৰ'গ নেছন'ত এয়াৰবাছৰ পৰা ওলমি ৰোৱা টম ক্রুজেই হওঁক বা "ফলআউট'ত হেলিকপ্টাৰেৰে চোঁচা লোৱা টম ক্রুজেই হওঁক, দর্শক সদায়েই বিস্মৃত হৈ ৰৈছে টম ক্রুজৰ শিহৰণকাৰী আৱেশত। যি বয়সত আন অভিনেতাই হয়তো জ্যেষ্ঠ নাগৰিকসূচক চৰিত্ৰ গ্ৰহণ কৰে, তেনে বয়সত 'মিছন ইম্পছিবল : ডেড ৰেক'নিং'ৰ বাবে নৰৱেৰ পাহাৰ শিখৰৰ পৰা বাইকেৰে জপিয়াইছিল টম ক্রুজে। ষ্টান্ট আৰু একচনৰ যি পৰিৱেশ্য কলা, তাৰ পিকাচো যেন এইজনেই নাম যাৰ টম ক্রুজ।
"মিছন ইম্পছিবল : ফাইনেল ৰেক'নিং'ৰ মুক্তিৰ ক্ষণত উভতি চাইছো সমসাময়িক প্রেক্ষাপটক অবিস্মৰণীয় চিনেমেটিক কলাৰ একত্ৰিত কৰা তিনিদশকযোৰা এই বিস্ময়কৰ প্ৰচেষ্টাক। মিছন ইম্পছিবল সদায়েই দৰ্শকৰ মনত নিগাজী হৈ ৰ'ব - কেৱল একচনৰ বাবেই নহয় কিন্তু সময়ৰ বিৰুদ্ধে সময়ৰ মাজেৰেই গতি কৰা টম ক্রুজৰ বাবে। এই মিছন হয়তো তাতেই সফল।