ফুটবল মছনদৰ নতুন সূৰুযঃ লামিন য়ামাল...

এপ্রিল ২০২৩। আর্থিক সমস্যাৰে জৰ্জৰিত ফুটবল ক্লাব বার্চিলোনাৰ এক পৰিৱৰ্তনশীল যুগৰ আৰম্ভণি সেয়া। ঐতিহ্যমণ্ডিত কেম্প নৌৰপৰা প্ৰায় এক আৰু অৰ্ধ ছিজন পূর্বে হোৱা মহানায়ক লিঅ'নেল মেছিৰ অপ্রত্যাশিত বিদায়ৰপৰা যেন স্থিতাৱস্থালৈ ঘূৰিবই পাৰা নাই বার্চিলোনাৰ জনতা

author-image
Asomiya Pratidin
New Update
ফুটবল

বর্ণিল মেধি

Advertisment

ফুটবল ক্লাব বার্চিলোনাৰ কিংবদন্তি একাডেমী লা মাছিয়াৰেই শিষ্য লামিন য়ামাল যি লা মাছিয়াৰ মজিয়াত গঢ় লৈছিল লিঅ'নেল মেছি, ইনিয়েষ্টা, পুয়ল, পেপ গার্ডিয়'লা, ছাৰ্জিঅ' বুচকেছৰ দৰে প্ৰসিদ্ধ খেলুৱৈয়ে লগতে তদানীন্তন কোচ জাভি নিজেই। সেই লা মাছিয়াতেই যুৱ পর্যায়ত খলকনি লগাই লা লীগাৰ জ্যেষ্ঠ খেলুৱৈসকলৰ শাৰীত থিয় দিছিল ১৫ বছৰীয়া লামিন। সেই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ 'মোৰ মত' শিতানত বৰ্ণিল মেধিৰ লেখা-


এপ্রিল ২০২৩। আর্থিক সমস্যাৰে জৰ্জৰিত ফুটবল ক্লাব বার্চিলোনাৰ এক পৰিৱৰ্তনশীল যুগৰ আৰম্ভণি সেয়া। ঐতিহ্যমণ্ডিত কেম্প নৌৰপৰা প্ৰায় এক আৰু অৰ্ধ ছিজন পূর্বে হোৱা মহানায়ক লিঅ'নেল মেছিৰ অপ্রত্যাশিত বিদায়ৰপৰা যেন স্থিতাৱস্থালৈ ঘূৰিবই পাৰা নাই বার্চিলোনাৰ জনতা। নিজৰ পৰম্পৰাগত শৈলীৰ ফুটবলৰ আঁত ধৰিয়েই নতুন যুগৰ নতুন দলৰ পাতনি মেলাৰ সাহস কৰিছিল বার্চিলোনাই- নেতৃত্বত যাৰ প্ৰবাদপ্রতিম মিডফিল্ডাৰ জাভি হার্ণাণ্ডেজ - দলটিৰ কোচৰ ৰূপত। 

অভিজ্ঞতা তেনেই কম জাভিৰ, তথাপিও সাহসী অথচ সংজ্ঞাবদ্ধ ফুটবলেৰে বাৰ্চিলোনাক ধীৰে ধীৰে সফলতাৰ বাটলৈ ঘূৰাই আনিছিল জাভিয়ে। জাভিয়ে জানিছিল বার্চিলোনাৰ বাবে ফুটবলৰ সংজ্ঞা কি - ই কেৱল খেল নহয়, বৰঞ্চ সমগ্ৰ কাটাল'নিয়াৰেই সংস্কৃতি-ৰাজনীতি-ঐতিহ্য-ভৱিষ্যতৰ পৰিচায়ক। সেই বার্চিলোনাৰ মজিয়াতেই এপ্ৰিলত ৰিয়েল বেটিছৰ বিপক্ষে লীগ খেলখনত জাভিয়ে লৈছিল এক দুঃসাহসিক সিদ্ধান্ত। ৮৩তম মিনিটত তেওঁ চাইডলাইনত খিয় কৰাইছিল ১৫ বছৰ, ৯ মাহ আৰু ১৬ দিন বয়সৰ এক কিশোৰক, বার্চিলোনাৰ ইতিহাসতেই যি হ'বলৈ ওলাইছিল লীগৰ কনিষ্ঠতম অভিষেককাৰী। নাম লামিন য়ামাল।

ফুটবল ক্লাব বার্চিলোনাৰ কিংবদন্তি একাডেমী লা মাছিয়াৰেই শিষ্য লামিন য়ামাল যি লা মাছিয়াৰ মজিয়াত গঢ় লৈছিল লিঅ'নেল মেছি, ইনিয়েষ্টা, পুয়ল, পেপ গার্ডিয়'লা, ছাৰ্জিঅ' বুচকেছৰ দৰে প্ৰসিদ্ধ খেলুৱৈয়ে লগতে তদানীন্তন কোচ জাভি নিজেই। সেই লা মাছিয়াতেই যুৱ পর্যায়ত খলকনি লগাই লা লীগাৰ জ্যেষ্ঠ খেলুৱৈসকলৰ শাৰীত থিয় দিছিল ১৫ বছৰীয়া লামিন - যি বয়সত আপুনি বা মই হয়তো দশম শ্ৰেণীৰ অংকত কেই নম্বৰ পাম, তাৰেই অংক কৰি আছিলো। ৰিয়েল বেটিছৰ বিপক্ষেই প্ৰথমবাৰলৈ অৱতীৰ্ণ হৈয়েই যেন যুদ্ধৰ দামামা বজাইছিল লামিনে।

সমগ্র বিশ্বই চকু তুলি চাওক ফুটবল জগতৰ নতুন যুগৰ এয়া সূচনা!

য়ামালৰ অভিষেক এক সাধাৰণ "কেমিঅ' নাছিল- বৰঞ্চ এয়া আছিল নতুন বার্চিলোনাৰ শংখধ্বনি। লামিনৰ ভৰিৰ প্রতিটো ৰেচমী স্পর্শই, প্রতিটো সাহসী দৌৰ, প্ৰতিটো পাছে উদবাউল কৰি তুলিছিল প্রতিজন বার্চিলোনাপ্রেমীক। ১৫ বছৰ বয়সতেই লামিনে খেলিছিল এনেদৰে, যেন বছৰ বছৰ ধৰি সেইকেইজন ডিফেণ্ডাৰকেই নচুৱাইছে তেওঁ!

ইতিমধ্যেই মেছিৰ উত্তৰসূৰী আখ্যা দিব খোজা ফুটবলপ্রেমীয়ে পিছে হঠাৎ তেওঁৰ খেলত দেখিছিল অন্য এজন বার্চিলোনা খেলুৱৈৰ আইনা। লামিনৰ ড্রিবলিং, শৈলী, পাছ এই সকলোতেই যেন চাপ নেইমাৰৰ। নেইমাৰৰ দৰেই যাদুসংপৃক্ত প্রতিটো খোজা অভিষেকৰ পৰৱৰ্তী দ্বিজন ২০২৩-২৪ পিছে বার্চিলোনাৰ বাবে বৰ সুখকৰ নাছিল। আঘাতজর্জিত দলটিয়ে ট্রফী অবিহনেই সামৰিবলগীয়া হৈছিল দ্বিজন। 

সফলতাৰ বাট নেদেখি জাভিয়েও ছিজনৰ শেষত লৈছিল বিদায়। তাৰ মাজতো থমকি ৰোৱা নাছিল লামিনৰ অশ্বমেধ যজ্ঞ। প্রথমটো পূর্ণাংগ দ্বিজনত বিশ্ববাসীক পতিয়ন নিয়াইছিল লামিনে - কেৱল যুৱ খেলুৱৈৰ শাৰীত তেওঁক বান্ধি ৰখাটো অযুগুত হ'ব হয়তো। প্ৰতিখন খেলৰ শেষত আকাশ কঁপাই যোৱা হাতচাপৰিৰ গুঞ্জন পৰিণত হৈছিল একপ্ৰকাৰ পৰম্পৰাত। কেৱল লামিনৰ বাবেই!

এই দ্বিজনতেই লামিনে ভাঙিছিল একাধিক ৰেকৰ্ড। লা লীগাত এচিষ্ট প্রদান কৰা কনিষ্ঠতম খেলুৱৈ, গ'ল স্কৰ কৰা কনিষ্ঠতম খেলুৱৈ, ঐতিহাসিক এল ক্লাছিকোত ভাগ লোৱা কনিষ্ঠতম খেলুৱৈ এয়া মাথোঁ কেইটিমানহে। ২০২৩-২৪ৰ দ্বিজনটি পিছে যেন বৰদৈচিলাৰ পূৰ্বৰ শান্ত মলয়া যেন এজাক বতাহহে আছিল এজন কিশোৰৰ ল'ৰা ধেমালিয়ে তাণ্ডৱৰ ৰূপ ল'বলৈ যেন বেছিপৰ নাই! তাৰেই চানেকি আছিল ২০২৪ চনৰ ইউৰো কাপ এইবাৰ বাৰ্চিলোনাৰ পৰিৱৰ্তে স্পেইনৰ ৰঙা জাৰ্চি!

এই কাহিনীৰ সিংহভাগ আগলৈ...

football