ফুটবল মছনদৰ নতুন সূৰুযঃ লামিন য়ামাল...

এপ্রিল ২০২৩। আর্থিক সমস্যাৰে জৰ্জৰিত ফুটবল ক্লাব বার্চিলোনাৰ এক পৰিৱৰ্তনশীল যুগৰ আৰম্ভণি সেয়া। ঐতিহ্যমণ্ডিত কেম্প নৌৰপৰা প্ৰায় এক আৰু অৰ্ধ ছিজন পূর্বে হোৱা মহানায়ক লিঅ'নেল মেছিৰ অপ্রত্যাশিত বিদায়ৰপৰা যেন স্থিতাৱস্থালৈ ঘূৰিবই পাৰা নাই বার্চিলোনাৰ জনতা

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
MUR MOT  1

ফুটবল ক্লাব বার্চিলোনাৰ কিংবদন্তি একাডেমী লা মাছিয়াৰেই শিষ্য লামিন য়ামাল যি লা মাছিয়াৰ মজিয়াত গঢ় লৈছিল লিঅ'নেল মেছি, ইনিয়েষ্টা, পুয়ল, পেপ গার্ডিয়'লা, ছাৰ্জিঅ' বুচকেছৰ দৰে প্ৰসিদ্ধ খেলুৱৈয়ে লগতে তদানীন্তন কোচ জাভি নিজেই। সেই লা মাছিয়াতেই যুৱ পর্যায়ত খলকনি লগাই লা লীগাৰ জ্যেষ্ঠ খেলুৱৈসকলৰ শাৰীত থিয় দিছিল ১৫ বছৰীয়া লামিন। সেই সন্দৰ্ভতে অসমীয়া প্ৰতিদিন ডিজিটেলৰ 'মোৰ মত' শিতানত বৰ্ণিল মেধিৰ লেখা-

Advertisment

(বৃহস্পতিবাৰৰ পিছৰ খণ্ড)

১৬ বছৰ বয়সতেই স্পেইনৰ ৰাষ্ট্ৰীয় দলৰ হৈ খেলাৰ সুযোগ পাইছিল লামিনে ২০২৩ চনৰ ছেপ্টেম্বৰত। কোচ লুই ডে লা ফুৱেণ্টেৰ অধীনত অভিষেক খেলতেই স্পেনিছ ৰঙা জাৰ্ছিত জর্জিয়াৰ বিপক্ষে গ'ল স্কৰ কৰিছিল লামিনে, গঢ়িছিল নতুন অভিলেখ। 

সেই চিজনৰ শেষতেই ২০২৪ চনৰ ইউৰো কাপৰ বাবে ৰাষ্ট্ৰীয় দলত স্থান পাইছিল লামিনে। ৰ'ণান্ডো-এমবাপ্পেৰ দৰে ইউৰোপীয় ফুটবলৰ মহাতাৰকাৰ সৈতে একেই মঞ্চত খেল দেখুৱাবলৈ সাজু হৈছিল লামিন। বহুতে হয়তো ভবাও নাছিল, এই ইউৰোৰ শেষত যেন ফুটবলৰ ভাষাই সলনি কৰি দিব লামিনে।

টুর্ণামেন্টৰ প্ৰথম খেল ক্রোৱেছিয়াৰ বিৰুদ্ধে। ইউৰোৰ ইতিহাসৰেই কনিষ্ঠতম খেলুৱৈ হিচাপে অৱতীর্ণ হৈয়েই স্পেইনৰ ৰাইট-বেক ডানি কার্ভাহালক এচিষ্ট কৰিছিল লামিনে। আস, কি সাংঘাটিক সেই প্ৰদৰ্শন। দেশৰ জাৰ্ছিত যেন ফুটবল বিশ্বক পুনৰবাৰ পতিয়ন নিয়াইছিল লামিনে। চকুৰ সমুখৰ এই প্ৰদৰ্শন এক কিশোৰৰ ল'ৰা ধেমালি নহয়, বৰং খেলৰ পৰৱৰ্তী ছুপাৰষ্টাৰৰ জন্ম !

গ্রুপ আৰু প্রি-কোৱাৰ্টাৰৰ দেওনা অনায়াসে পাৰ কৰাৰ পিছত কোৱাটাৰ ফাইনেলত প্রতিদ্বন্দ্বী জার্মানী। কোৱা হৈছিল- প্রতিযোগিতাৰ শ্ৰেষ্ঠ তথা আটাইতকৈ কঠিন খেলখন হয়তো সেইখনেই। ইয়াত যিয়েই বাজীমাৎ কৰিব, ইউৰো কাপেও সেই দনৰেই হাত শুৱনি কৰিব। 

এনে গুৰুত্বপূর্ণ খেলখনত ষোল্ল বছৰীয়া লামিনে দাঙি ধৰিলে টুর্ণামেন্টৰেই অন্যতম শ্রেষ্ঠ এক প্ৰদৰ্শন। প্রতিযোগিতাৰ আটাইতকৈ শক্তিশালী প্রতিদ্বন্দ্বীৰ বিপক্ষে এচিষ্ট প্রদান কৰি স্পেইনক ছেমি ফাইনেলত স্থান দিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল লামিনে।

ছেমি ফাইনেলত স্পেইনৰ প্ৰতিদ্বন্দ্বী ফ্রান্স কিলিয়ান এমবাপ্পেৰ দুধর্ষ ফ্রান্স। ইউৰোৰ পূৰ্বে বিশ্বকাপৰ ফাইনেলত ক্ষণিকৰ তাৰতম্যত মেছিৰ আর্জেন্টিনাৰ হাতত পৰাস্ত হৈছিল ফ্রান্স। সেয়েহে পুনৰবাৰ নিজৰ শ্রেষ্ঠত্ব প্ৰতিপন্ন কৰাৰ বাবে ব্যগ্ৰ ফৰাছীবাহিনী। 

নৱম মিনিটতেই গ'ল ফৰাছী ষ্ট্ৰাইকাৰ ৰাণ্ডাল কোলো মোৱানিৰ। স্পেইনৰ পক্ষে যেন মোক্ষম আঘাত। শক্তিশালী ডিফেন্সৰ গৰাকী ফ্ৰান্সৰ বিপক্ষে খেলখনত ঘূৰি আহিব পৰাটো প্ৰায় অসম্ভৱ। কিন্তু তেনে সকলো আবৃত নিয়মৰ যেন উৰ্ধত ফুটবলৰ নতুন ৰাজকোঁৱৰ।

২১তম মিনিটত ফিল্ডৰ মাজত বল লামিনৰ ভৰিত। সমুখত পাঁচজন ফৰাছী খেলুৱৈৰ ডিফেন্স। তেনেই সমুখত মিডফিল্ডাৰ ৰেবিয়ট। হঠাৎ নেইমাৰসদৃশ চাতুৰ্যৰে লামিন সোঁফাললৈ হালি গ'ল। লামিনৰ পিছে পিছে ৰেবিয়টো সেই দিশে আগবাঢ়িল। 

কিন্তু অর্ধ ছেকেণ্ডতেই পুনৰ বাওঁফাললৈ উভতি আহিল লামিন। সমুখৰ পথ এতিয়া খালী। কিন্তু গ'লপষ্টৰ পৰা বহুযোজন দূৰৈত। যিকোনো খেলুবৈয়ে হয়তো সমুখত স্ট্রাইকাৰ তথা অধিনায়ক মোৰাটা বা মিডফিল্ডাৰ ডানি অসমোক পাছ দিলেহেতেঁন। কিন্তু লামিন লামিনেই ! 

সেই সুদূৰৰপৰাই যেন মিছাইল উৎক্ষেপণ কৰাৰ দৰেই বল প্ৰহাৰ কৰিলে লামিনে। লক্ষ্য ফৰাছী গ'লপষ্টৰ বাওঁ কৰ্ণাৰ। একেবাৰে নির্ভুলভাৱে সেই লক্ষ্যভেদ কৰিলে লামিনে। গ’লকীপাৰ একেবাৰেই অসহায়। বিশ্বৰ কোনো ডিফেন্সৰ বাবে সেই গ'ল প্রতিহত কৰাটো সম্ভৱ নহয়। 

ফুটবল বিশ্ব অবাক-হতবাক, কোনেও তলকিব নোৱাৰোতেই প্রতিযোগিতাৰ আটাইতকৈ নান্দনিক গ'লটি স্ক'ৰ কৰিলে মাথোঁ চাৰিটা দিন পূর্বে সোতৰ বছৰীয়া জন্মদিন পালন কৰা লামিনে। আস, কি দৃষ্টিনন্দন এক দৃশ্য।

২-১ ফ্রান্সক হৰুৱাই ফাইনেললৈ গতি স্পেইনৰ। ফাইনেলতো সহ-ৱিগাৰ নিক' বিলিয়ামছক এচিষ্ট কৰি ইউৰোৰ ফাইনেলত গ'ল সহযোগিতা আগবঢ়োৱা কনিষ্ঠতম খেলুৱৈ হিচাপে পৰিগণিত হয় লামিন। ইংলেণ্ডক অনায়াসে হৰুৱাই ইউৰো বিজয় কৰা এই স্পেনিছ দলটিৰ আটাইতকৈ চমকপ্রদ প্রতিভা লামিনে লাভ কৰিলে ইউৰো ২০২৪ৰ শ্ৰেষ্ঠ কনিষ্ঠ খেলুৱৈৰ সমান। 

কিন্তু তাতোকৈও অভূতপূর্ব যেন অন্য এক সম্মান। জিদান, প্লেটিনি, জাভি, টনি ক্রুদ্ধৰ দৰে প্ৰবাদপ্রতিম এচিষ্ট প্রদানকাৰীয়ে শুৱনি কৰা ইউৰোৰ মঞ্চত এটা সংখ্যাত সর্বাধিক (৪) এচিষ্ট প্ৰদান কৰা ফুটবলাৰ হিচাপে পৰিগণিত হয় লামিন মাথোঁ সোতৰ বছৰ বয়সতেই। যিধৰণৰ প্ৰদৰ্শন হয়তো মেছি, ৰ'ণান্ডো, নেইমাৰৰ দৰেই কিংবদন্তিয়েই দাঙি ধৰিব পৰা নাছিল নিজৰ কিশোৰকালত।

এয়া যেন আছিল সপোনৰ এক আৰম্ভণিহে লামিনৰ বাবেও, ফুটবলপ্রেমীৰ বাবেও। পৰৱৰ্তী চিজন, অর্থাৎ ২০২৪-২৫ (বৰ্তমানৰ চিজনটি)ত দলৰ অন্যতম গুৰিধৰোঁতাৰূপে উজলি উঠিছে লামিন। নতুন কোচ হান্সি ফ্লিকৰ ছত্ৰছায়াত নৱোজীৱিত ডেকা বার্চিলোনাৰ এক ঐতিহাসিক চিজনত মিডফিল্ডাৰ পেড্ৰি অৰু ফৰৱাৰ্ড ৰাফিনহাৰ সমানেই (বা বহুতৰ মতে চেৰ পেলাই) দলৰ শ্ৰেষ্ঠ খেলুৱৈৰ দাবীদাৰ লামিন। 

লীগ, কাপ আৰু ছুপাৰকাপ বিজয় তথ্য ইউৰোপীয় চেম্পিয়নছ লীগৰ ছেমি-ফাইনেলপর্যন্ত আগুওৱা ফুটবল ক্লাব বার্চিলোনাৰ বাবে ৪০তকৈও অধিক গ'ল সহযোগিতা আগবঢ়াইছে লামিনে, মাথোঁ এটা চিজনতেই ! সোতৰ বছৰীয়া এক কিশোৰৰ বাবে এই অভিলেখ নাভূত-নাশ্রুত। 

সেয়েহে হয়তো বহুতে যুক্তিও প্রদান কৰিছে - এজন ফুটবল খেলুৱৈৰ বাবে শ্রেষ্ঠ সম্মান বেল'ন ডি অ’ৰ এইবাৰ প্ৰদান কৰা হওক লামিনক, মাথোঁ সোতৰ বছৰ বয়সতেই।

নক'বনো কেলেই। লামিনৰ খেলত আছে প্রাণচাঞ্চল্য, য'ত প্রাণ পাই উঠে বাৰ্চিলোনাৰ ফুটবলৰ দৃষ্টিনন্দন প্রকাশ। এইজন কিশোৰৰ মাজতেই ফুটবলপ্রেমীয়ে দেখিবলৈ আৰম্ভ কৰিছে নেইমাৰৰ কাৰুকাৰ্য, মেছিৰ 'ভিজন' তথা আর্জেন ৰবেনৰ বাওঁভৰি। হয়, সোতৰ বছৰীয়া কিশোৰ এজনৰ ওপৰত ইমানখিনি আশাৰ বোজা বান্ধি দিয়াটো হয়তো সঠিক কথা নহয়। কিন্তু ফুটবল ভালপোৱা যিয়েই লামিনৰ খেল দেখিব তেওঁ একেমুখে স্বীকাৰ কৰিব বৰ্তমান ফুটবলৰ শ্ৰেষ্ঠ খেলুৱৈ এজন সোতৰ বছৰীয়া ৰাজপুত্ৰ, নাম যাৰ লামিন য়ামালা !

ফুটবল