/asomiyapratidin/media/media_files/2025/02/25/VzLVS9KkFXkTOnqJuTE4.webp)
ডিজিটেল সংবাদ,মানকাছাৰঃ যান-বাহন পৰিদৰ্শকৰ দুৰ্নীতিৰ খবৰে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। উপযুক্ত ব্যৱস্থা নোলোৱাৰ বাবে এই দুৰ্নীতি হ্ৰাস পোৱাৰ পৰিৱৰ্তে দিনক দিনে বৃদ্ধি হ'বলৈ ধৰিছে। শেহতীয়াকৈ দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে।
এমভিআই হৰ মোহন শইকীয়াই পদবীৰ অপব্যৱহাৰ কৰি বিভিন্ন জিলাৰ মানুহৰ পৰা টকা লৈ কোনোধৰণৰ ড্ৰাইভিং টেষ্ট, পৰীক্ষা-নিৰীক্ষা নকৰাকৈ সংশ্লিষ্ট ডিটিঅ'ৰ ৰ দ্বাৰা যান-বাহন চলোৱাৰ অনুজ্ঞাপত্ৰ দি আহিছে। প্ৰতিখন অনুজ্ঞাপত্ৰৰ বিনিময়ত ৭-৮ হাজাৰ টকা লয়।
আনহাতে আবেদনকাৰীয়েও কেৱল টকাৰ বিনিময়ত বেলেগ একো নকৰাকৈ সহজতেই অনুজ্ঞাপত্ৰ পাই বাবে হৰ মোহনক টকা দি আহিছে। ইফালে কোনোদিনে অফিচলৈ নগৈ, মোবাইল ফোনতে লেন-দেন কৰি অনুজ্ঞাপত্ৰ পোৱা লোকৰ বেছিভাগেই ভালদৰে গাড়ী চলাব নাজানে, কোনোবাই যদি মটৰ চাইকেল চলাব জানে, চাৰিচকীয়া গাড়ী চলাব নাজানে কিন্তু তেওঁলোকেও চাৰিচকীয়াৰ অনুজ্ঞাপত্ৰ পাইছে, এনে দুৰ্নীতিৰ ফলস্বৰূপে পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে।
তেনে দুৰ্ঘটনাৰ পৰিদৰ্শন সেই এমভিআই ৰ দ্বাৰাই কৰা হয়। সাধাৰণ জনতাৰ সুৰক্ষাৰ সৈতে হেতালি কৰি কেৱল ন্যস্ত স্বাৰ্থ আদায়ৰ বাবে এমভিআই হৰ মোহন শইকীয়াই এনে ব্যাপক দুৰ্নীতি সংঘটিত কৰা অভিযোগ উত্থাপন হৈছে। এই ক্ষেত্ৰত বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষয়ো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। অসমত বিজেপি চৰকাৰে দম্ভালি মাৰি কয় যে, বিজেপিৰ দিনত অসম দুৰ্নীতিমুক্ত, তেন্তে অসমত কেনেকৈ MVI হৰ মোহন শইকীয়াই দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়িছে?