/asomiyapratidin/media/media_files/2024/12/06/aS4nXBwGHp7evqeq2VJN.jpg)
ডিজিটেল সংবাদ, ওৰাং : এতিয়া সৰিয়হ ফুলাৰ বতৰ৷ খেতিপথাৰত সৰিয়হ ফুলৰ হালধীয়া দলিচাই মন-প্ৰাণ হৰিছে কৃষিজীৱী ৰাইজৰ ৷ মিঠাতেলৰ দাম বৃদ্ধি হোৱাত সৰিয়হ খেতিৰ প্ৰতি আকৰ্ষিত হৈছে বহু লোক ৷
প্ৰতি কুইন্টল সৰিয়হ ৬,৫০০ টকা হোৱাত এতিয়া বহু কৃষকে কৰিছে সৰিয়হ খেতি ৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বৰছলাৰ নিচলামাৰীত বিস্তৃৰ্ণ কৃষিভূমিত এতিয়া সৰিয়হৰ ফুলে দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰিছে ৷
নিচলামাৰীৰ অঞ্চলত বিস্তৃৰ্ণ কৃষিভূমিত কেৱল আৰু কেৱল হালধীয়া পৰিৱেশ ৷ সৰিয়হৰ ফুলে পাৰি দিছে হালধীয়া দলিচা ৷ চকুৱে মণি নপোৱালৈকে কেৱল হালধীয়া...।
উল্লেখ্য যে প্ৰতি বছৰেই পাচনৈৰ বানে ব্যাপক ক্ষতিসাধন কৰে ইয়াৰ কৃষি কাৰ্য৷ কিন্তু বানপানী কমাৰ পিছতেই ইয়াত থলুৱা কৃষকসকলে জীয়াই থকাৰ সংগ্ৰামখন আৰম্ভ কৰে এই বানে ধোৱা কৃষিভূমিত ৷ এই কৃষিভূমিত এতিয়া কৃষকসকলে বিঘাই- বিঘাই মাটিত সৰিয়হৰ খেতি কৰিছে ৷