/asomiyapratidin/media/media_files/2025/04/12/tz8BpZi1gP7UMj7uKqCG.jpg)
ডিজিটেল ডেস্কঃ পাকিস্তানত বাঢ়িছে হিন্দু লোকৰ জনসংখ্যা। শেহতীয়াকৈ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। পাকিস্তানত ২০১৭চনত হিন্দুৰ সংখ্যা আছিল ৩.৫মিলিয়ন। কিন্তু এই সংখ্যা শেহতীয়াকৈ বৃদ্ধি হৈ হৈছেগৈ ৩.৮মিলিয়ন।
উল্লেখ কৰা প্ৰয়োজন যে, পাকিস্তানত ২০১৭চনত মুছলমানৰ সংখ্যা আছিল ৯৬.৪৭শতাংশ। কিন্তু শেহতীয়া লোকপিয়লত পাকিস্তানত মুছলমানৰ সংখ্যা হ্ৰাস পাই হৈছেগৈ ৯৬.৩৫শতাংশ। বিগত ৬বছৰৰ ভিতৰত পাকিস্তানত এনেদৰে হ্ৰাস পাইছে মুছলমানৰ সংখ্যা।
প্ৰনিধানযোগ্য যে, পাকিস্তানত হিন্দুৰ সংখ্যা বৃদ্ধি পাইছে যদিও পূৰ্বতে মুঠ জনসংখ্যাৰ ভিতৰত হিন্দুৰ সংখ্যা আছিল ১.৭৩শতাংশ। কিন্তু এই সংখ্যা শেহতীয়াকৈ ১.৬১লৈ হ্ৰাস পাইছে। আনফালে পাকিস্তানত খ্ৰীষ্টান ধৰ্মৰ লোকৰ সংখ্যা বিগত ৬বছৰত ১.২৭শতাংশ পৰা ১.৩৭লৈ বৃদ্ধি হৈছে।
শেহতীয়াকৈ চলা লোকপিয়ল অনুসৰি, পাকিস্তানত পুৰুষৰ সংখ্যা হৈছে ১২৪.৩২মিলিয়ন আৰু মহিলাৰ সংখ্যা হৈছে ১১৭.১৫মিলিয়ন। দেশখনত তৃতীয় লিংগৰ নাগৰিক আছে ২০হাজাৰ ৩৩১গৰাকী।