মুছলমান মহিলাক জোৰ-জোবৰদস্তি সানিলে ৰংঃ তিনি কিশোৰসহ চাৰিজনক গ্ৰেপ্তাৰ...

মুছলমান মহিলাক জোৰ-জোবৰদস্তি সানিলে ৰংঃ তিনি কিশোৰসহ চাৰিজনক গ্ৰেপ্তাৰ...

author-image
Asomiya Pratidin
New Update
মুছলমান মহিলাক জোৰ-জোবৰদস্তি সানিলে ৰংঃ তিনি কিশোৰসহ চাৰিজনক গ্ৰেপ্তাৰ...

ডিজিটেল ডেস্কঃ মুছলমান পৰিয়ালক জোৰ-জোবৰদস্তি ফাকুৱা হনা এটা ভিডিঅ’ ভাইৰেল হৈছে সামাজিক মাধ্যমত৷ ভিডিঅ’টো উত্তৰ প্ৰদেশৰ বিজনৌৰৰ বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে ভাইৰেল ভিডিঅ’ সন্দৰ্ভত তদন্ত আৰম্ভ কৰি এজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে তিনি নাবালকক আটক কৰিছে।

Advertisment

পোহৰলৈ অহা ভিডিঅ’টোত দেখা গৈছিল যে কিছু লোকে হোলী ৰং দিবলৈ এজন মুছলমান পুৰুষ আৰু দুই মহিলাক হাৰাশাস্তি কৰি আছিল। বলপূৰ্বক ৰং দিছিল। বাইকত যোৱা লোককেইজনৰ ওপৰত পানীও নিক্ষেপ কৰা হৈছিল। মহিলাই বিৰোধিতা কৰাৰ পাছতো গুৰুত্ব দিয়া নাছিল।

এই সময়ছোৱাত ধৰ্মীয় শ্ল'গানো দিয়া দেখা যায়৷ ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতে বিজনৌৰৰ আৰক্ষী অধীক্ষক নীৰজ কুমাৰ যাদুনে স্থানীয় আৰক্ষীক ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে। ঘটনা উত্তৰ প্ৰদেশৰ ধামপুৰ আৰক্ষী থানা এলেকাত সংঘটিত হোৱাৰ তথ্য লাভ কৰে। আৰক্ষীয়ে ভাইৰেল ভিডিঅ’ত প্ৰত্যক্ষ কৰা লোকসকলক চিনাক্ত কৰে। আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি বিভিন্ন ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে৷ অন্যায়ভাৱে হাৰাশাস্তি কৰা, স্বেচ্ছাই মহিলাগৰাকীক আঘাত কৰাৰ ধাৰা সন্নিৱিষ্ট কৰা হৈছে।

আৰক্ষীয়ে অনিৰুদ্ধ বুলি চিনাক্ত কৰা এজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰু এই সন্দৰ্ভত তিনিজন কিশোৰক আটক কৰিছে। বিজনৌৰ আৰক্ষীয়ে এক্সত পোষ্ট কৰা এটা ভিডিঅ' বাৰ্তাত বিষয়া নীৰজ যাদুনে কয় যে হোলীৰ সময়ত মানুহে কাকো বিচলিত কৰিব নালাগে। অনুগ্ৰহ কৰি মানুহক জোৰ কৰি ৰং নিদিব। আইন ভংগ কৰা যিকোনো লোকৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য।

উত্তৰ প্ৰদেশ মুছলমান মহিলা