/asomiyapratidin/media/media_files/2025/04/04/3YUJzbISflAZdEoSxLE5.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : সুখ্যাত সংগীত পৰিচালক তথা বিশিষ্ট শব্দ বাণীবন্ধনকাৰী প্ৰয়াত ভূপেন উজীৰৰ ৭২ সংখ্যক ওপজা দিন উপলক্ষে ৫ এপ্ৰিলৰ সন্ধিয়া ৬ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব এখনি সংগীত সন্ধিয়া । ভূপেন উজীৰ স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
''হিয়া ভৰা শুভ কামনাৰে'' শীৰ্ষক এই অনুষ্ঠানতে অসমৰ বাদ্য-সংগীত আৰু শব্দ বাণীবন্ধন ক্ষেত্ৰত উল্লেখনীয় বৰঙণি আগবঢ়োৱা চাৰিগৰাকী ব্যক্তিক প্ৰদান কৰা হ'ব ভূপেন উজীৰ সোঁৱৰণী শিল্প সাধনা বঁটা। এই বঁটাৰ বাবে বিবেচিত শিল্পী কেইগৰাকী হৈছে গীটাৰ বাদক সৌৰভ দাস, বেহেলা আৰু গীটাৰ বাদক দিলীপ ৰাচাইলী, ছেক্সাফ'ন বাদক পীতাম্বৰ তামুলী আৰু ৰেকৰ্ডিষ্ট সতীশ চৌহান।
উল্লেখযোগ্য যে বিশিষ্ট সংগীত পৰিচালক ভূপেন উজীৰৰ কেইটিমান নিৰ্বাচিত গীত পৰিৱেশনৰ অনলাইন প্ৰতিযোগিতাৰ ফলাফল উক্ত অনুষ্ঠানতে ঘোষণা কৰি পুৰষ্কাৰ প্ৰদান কৰা হ'ব। উল্লেখ্য, ননী দেৱী, ৰমেন চৌধুৰী, অনুপম চৌধুৰী, মণীষা হাজৰিকাই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰিব লগীয়া অনুষ্ঠানটোত ভূপেন উজীৰৰ শৈশৱৰ সহপাঠী তথা ঘনিষ্ঠ বন্ধু বিজয় বৰদলৈ, বিজয় দাস, শ্ৰীপ্ৰঅকাশ বৰুৱা, প্ৰতাপ গোস্বামীয়েও অংশগ্ৰহণ কৰিব।
অনুষ্ঠানসূচীত শ্বাস্বতী ফুকন, কুইন হাজৰিকা, মৌচুমী চহৰীয়া, প্ৰণামিকা গোস্বামী, শৰ্মিষ্ঠা চক্ৰৱৰ্তী, সংস্কৃতা মালাকাৰ, সত্যসন্ধ্যা হাজৰিকা, প্ৰীতিস্মিতা খানুজা, কীৰ্তিকা উজীৰ, বিদ্যাসাগৰ, চন্দন দাস, জীৱেন্দ্ৰ মোহন দেৱশৰ্মা, পদ্মনাভ বৰদলৈ, নীলোৎপল গায়ন আৰু শৰৎ ৰাগ আদি কণ্ঠশিল্পীয়ে ভূপেন উজীৰৰ সৃষ্টি বিভিন্ন বাচকবনীয়া গীত পৰিৱেশন কৰিব।
আনহাতে জয়ন্ত গগৈ, ডা° মৃণাল দাস, তপন দাস, দীপ ৰাজবংশী আদি কেইগৰাকীমান জ্যেষ্ঠ বাদ্য শিল্পীয়ে আগবঢ়াবলগীয়া বিশেষ সংগীত সমলয় হ'ব বিশেষ আকৰ্ষণ।