আইফা এৱাৰ্ডেৰে সন্মানিত সংগীত পৰিচালক অনুৰাগ শইকীয়া

দেশৰ সংগীত জগতত সুকীয়া সংগীত সৃষ্টিৰে শ্ৰোতা-দৰ্শকৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হোৱা অসমৰ অনুৰাগ শইকীয়ালৈ আগবঢ়োৱা হৈছে আইফা এৱাৰ্ড। শনিবাৰে ঘোষণা কৰা এই বৰ্ষৰ আইফা এৱাৰ্ডৰ 'শ্ৰেষ্ঠ ট্ৰক' শিতানত সংগীত পৰিচালকগৰাকীলৈ আগবঢ়োৱা হৈছে এই সন্মান।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
আইফা এৱাৰ্ডেৰে সন্মানিত সংগীত পৰিচালক অনুৰাগ শইকীয়া

আইফা এৱাৰ্ডেৰে সন্মানিত সংগীত পৰিচালক অনুৰাগ শইকীয়া

ডিজিটেল ডেস্ক : অসম তথা অসমবাসীৰ বাবে এটি ভাল খবৰ। আন্তৰ্জাতিক পৰ্যায়ত উজলি উঠিছে এগৰাকী অসম সন্তান। 

Advertisment

দেশৰ সংগীত জগতত সুকীয়া সংগীত সৃষ্টিৰে শ্ৰোতা-দৰ্শকৰ হৃদয়ত স্থান দখল কৰিবলৈ সক্ষম হোৱা অসমৰ অনুৰাগ শইকীয়ালৈ আগবঢ়োৱা হৈছে আইফা এৱাৰ্ড। শনিবাৰে ঘোষণা কৰা এই বৰ্ষৰ আইফা এৱাৰ্ডৰ 'শ্ৰেষ্ঠ ট্ৰেক' শিতানত সংগীত পৰিচালকগৰাকীলৈ আগবঢ়োৱা হৈছে এই সন্মান।

উল্লেখযোগ্য যে চিনেমা প্ৰদৰ্শনৰ ডিজিটেল মাধ্যম নেটফ্লিক্সত উপলব্ধ ছিৰিজ 'মিছমেটচ চিজন-৩'ৰ “ইচক হ্যে…” শীৰ্ষক গীতৰ বাবে অনুৰাগ শইকীয়াক আইফা বঁটাৰে সন্মানিত কৰা হৈছে। তেওঁৰ এই সফলতাত ৰাজ্যবাসীৰ উপৰি দেশৰ সংগীত ক্ষেত্ৰৰ ভালেসংখ্যক লোকে অভিনন্দন জ্ঞাপন কৰিছে।

একেদৰে অসমৰ সাস্কৃতিক জগতৰ বাবেও এয়া এক আনন্দৰ বতৰা। এই আপাহতে সংগীত পৰিচালক অনুৰাগ শইকীয়ালৈ জনাইছো অভিনন্দন।

Assamese music indian music