/asomiyapratidin/media/media_files/2025/04/19/nZtpSlB1N5G93xl5wsiK.jpg)
কিশোৰৰ সন্ধান বিচাৰি অভিযান, সামূহিক দোৱা
ডিজিটেল সংবাদ, বিশ্বনাথ: এজন কিশোৰৰ সন্ধান বিচাৰি ব্ৰহ্মপুত্ৰৰ পাৰত অনুষ্ঠিত হ'ল সামুহিক দোৱা। সমান্তৰালভাৱে চলিছে এনডিআৰএফ - এছডিআৰএফৰৰ অভিযান। উল্লেখ্য যে, বুধবাৰে মহাবাহু ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল মুছাৰফ আলম নামৰ ১৭ বছৰীয়া এজন কিশোৰ। কিশোৰজনৰ সন্ধান বিচাৰি শনিবাৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত সমূহীয়া দোৱা শতাধিক সংখ্যালঘু ৰাইজৰ।
ইফালে নৈত যুৱকজনৰ সন্ধান বিচাৰি অৰুণাচলৰ পৰা অতিৰিক্ত এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ দল নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে, বিশ্বনাথৰ ছোৱাগুৰী গাঁৱৰ শ্লুইচ গেটত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰৰ পানীত পৰা এজন সতীৰ্থক পানীৰ পৰা বচাবলৈ গৈ সন্ধানহীন হৈ পৰিছিল নৈৰ বুকুত। তাৰ পিছতে মুছাৰফক বিচাৰি চাৰি দিন পৰ্যন্ত এছ ডি আৰ এফৰ দলে অভিযান চলালে যদিও কোনো সন্ধান লাভ নাপালে। যাৰ বাবে পুনৰ অৰুণাচলৰ পৰা অতিৰিক্ত এছ ডি আৰ এফ আৰু এন ডি আৰ এফ ৰ দল উপস্থিত হৈ মহাবাহু ব্ৰহ্মপুত্ৰত অভিযান অব্যাহত ৰাখিছে। ইফালে স্থানীয় শতাধিক সংখ্যালঘু ৰাইজে মহাবাহু ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত সমূহীয়া দোৱা প্ৰাৰ্থনা কৰি আল্লাৰ ওচৰত দোৱা মাগে,যাতে অতি শীঘ্ৰে সন্ধানহীন যুৱক জনৰ সন্ধান লাভ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলে। উল্লেখযোগ্য যে, নৈৰ বুকুত সন্ধানহীন হোৱা যুৱকজনে যোৱাবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত নিজ মাতৃৰ সৈতে একেলগে পৰীক্ষাত অৱতীৰ্ণ হৈ ভাল ফলাফল লাভ কৰি বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল।