মুছলপুৰত অবড়ো সুৰক্ষা সমিতিৰ সংবাদমেল

অসম বিধানসভাৰ বাজেট অধিৱেশনত বিটিআৰৰ অন্তৰ্গত অনাবড়ো অধ্যুষিত গাঁওসমূহ কৰ্তন সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে অবড়ো সুৰক্ষা সমিতি, অসম।

author-image
Asomiya Pratidin
New Update
xczcxzx

ডিজিটেল সংবাদ,মুছলপুৰঃ দিশপুৰৰ বাহিৰত কোকৰাঝাৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত অসম বিধানসভাৰ বাজেট অধিৱেশনত বিটিআৰৰ অন্তৰ্গত অনাবড়ো অধ্যুষিত গাঁওসমূহ কৰ্তন সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে অবড়ো সুৰক্ষা সমিতি, অসম।

Advertisment

আজি বাক্সা জিলাৰ  মুছলপুৰত এক সংবাদমেল সম্বোধন কৰি অবড়ো সুৰক্ষা সমিতি, অসমৰ সাধাৰণ সম্পাদক মাধৱ ৰাজবংশীয়ে কয় যে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অবড়ো অধ্যুষিত গাঁওসমূহ কৰ্তনৰ ক্ষেত্ৰত এবছু তথা বড়ো জাতীয় সংগঠনৰ স্বীকৃতি লাগিব বুলি এক মন্তব্য আগবঢ়াইছে।

এই মন্তব্যক এক অদ্ভুত মন্তব্য বুলি উল্লেখ কৰি ৰাজবংশীয়ে কয় যে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বিগত সময়ত আমাৰ সৈতে বহি অবড়ো গাঁও কৰ্তনৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু সেই সময়ত এবছু তথা বড়ো জাতীয় সংগঠনৰ সৈতে আলোচনাৰ প্ৰয়োজনীয়তা তথা স্বীকৃতি প্ৰদানৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা নাছিল। 

আজি কিয় এই প্ৰয়োজনীয়তা আহিল বুলি মুখ্যমন্ত্ৰীক প্ৰশ্ন অবড়ো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক মাধৱ ৰাজবংশীৰ । লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিতিত স্বাক্ষৰিত বিটিআৰ চুক্তিৰ তিনি নম্বৰ দফাত অবড়ো গাঁও কৰ্তনৰ বিষয়টো কিয় লিপিবদ্ধ কৰিছে বুলিও প্ৰশ্ন উত্থাপন কৰিছে অবড়ো নেতা গৰাকীয়ে।

তেওঁ মুখ্যমন্ত্ৰী গৰাকীক সঁকিয়াই দি কয় যে, আমাক উত্তৰ লাগিব, অন্যথা আমি অবড়ো ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত গণতান্ত্ৰিক প্ৰতিবাদত সাব্যস্ত কৰিম । তেওঁ লগতে সকলো অবড়ো ৰাইজক বিজেপিৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

ইফালে সংবাদমেলত অবড়ো সুৰক্ষা সমিতি, অসমৰ মুখপাত্ৰ পংকজ দাসে কয় যে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বিটিআৰৰ অনাবড়ো অধ্যুষিত গাঁওসমূহ কৰ্তনৰ ক্ষেত্ৰত এবছু তথা বড়ো জাতীয় সংগঠনৰ সৈতে আলোচনাৰ প্ৰয়োজনীয়তাৰ কথা নিশ্চিতভাৱে আগতেও জানিছিল কিন্তু তেওঁ মিছা প্ৰতিশ্ৰুতি দিছিল।

লগতে বিটিআৰ চুক্তিত সন্নিৱিষ্ট অবড়ো গাঁও কৰ্তনৰ বিষয়টো নিশ্চিতভাৱে ভুৱা আছিল । নহ'লে মুখ্যমন্ত্ৰী গৰাকীয়ে বাজেট অধিৱেশনত এই কথা কবলগীয়া নহয়। ইয়াৰ উত্তৰ আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচন আৰু ২০২৬ত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনত বিটিআৰত বসবাস কৰা অবড়ো ৰাইজে নিশ্চিতভাৱে দিব বুলি সজোৰে উত্থাপন কৰে মুখপাত্ৰ গৰাকীয়ে ।

অবড়ো সুৰক্ষা সমিতি