ডিজিটেল সংবাদ, হোজাইঃ হোজাইৰ চন্দনপুৰত ৰাইকাতাত ২০২০ বৰ্ষৰ ২৪ চেপ্তেম্বৰ তাৰিখে চাবিকুল ইছলাম নামৰ এজনে নিজ পত্নী আতলিমা খাতুনক ঘৰুৱা কন্দলত নৃশংসভাৱে হত্যা কৰিছিল। উক্ত ঘটনা সন্দৰ্ভত মৃত আকলিমা খাতুনৰ ভাতৃ ইমান আলীয়ে হোজাই আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ।
পৰৱৰ্তী সময়ত হোজাই আৰক্ষী থানাত ৬৮৮/২০ ত কেচ ৰুজু কৰি আৰক্ষীয়ে চাবিকুল ইছলামক গ্ৰেপ্তাৰ কৰি জে’ল-হাজোতলৈ প্ৰেৰণ কৰিছিল । হোজাইৰ জিলা সত্ৰ ন্যায়ধীশ আদালতত বিচৰাধীন আছিল গোচৰটো ।উক্ত গোচৰত ৭ গৰাকীয়ে চৰকাৰী পক্ষৰ হৈ সাক্ষ্য প্ৰদান কৰিছিল।
দুয়ো পক্ষৰ শুনানীৰ পিছত বুধবাৰে ভাৰতীয় দণ্ড বিধি আইনৰ ৩০২ নং ধাৰাৰ অধীনত পদকীয়া চাবিকুল ইছলামক সশ্রম কাৰাদণ্ড দিয়াৰ লগতে ২৫ হাজাৰ টকাৰ জৰিমনা বিহিছে।
উক্ত গোচৰত আদালতত চৰকাৰী পক্ষৰ হৈ কাৰণ দৰ্শাইছিল শংকৰদেৱ নগৰৰ চৰকাৰী অধিবক্তা অমৰ জ্যোতি শইকীয়াই ।