/asomiyapratidin/media/media_files/2025/02/12/WFxNKZ9KI4X60Qcbs46A.jpg)
হত্যাকাণ্ড
ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰত পুনৰ এক নৃশংস ঘটনা সংঘটিত হৈছে। গুৱাহাটীৰ বামুণীমৈদামৰ ৰে’লৱে কলনীত একেটা পৰিয়ালৰ ৩গৰাকীকৈ লোকৰ মৃতদেহ উদ্ধাৰ হৈছে।বামুণীমৈদামৰ ৰে’লৱে’ কলনীৰ K ব্লকৰ ৪২৭ নং কোৱাৰ্টাৰত উদ্ধাৰ মৃতদেহকেইটা।
বন্ধ কোঠাৰ ভিতৰত লোহিত ঠাকুৰীয়া, পত্নী জুলী ডেকা আৰু নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা কন্যা ঋত্বিকা ডেকাৰ নিথৰ দেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। উল্লেখ কৰা প্ৰয়োজন যে, মৃত জুলী ডেকা ৰে’লৱেৰ কৰ্মচাৰী। আনফালে স্বামী লোহিত ঠাকুৰীয়া পেছাত এজন গেৰেজৰ কৰ্মচাৰী।
মাতৃ-কন্যাৰ শৰীৰত চোকা অস্ত্ৰৰে আঘাত কৰাৰ চিন স্পষ্ট হৈ আছে। আনফালে জুলী ডেকাৰ স্বামী লোহিত ঠাকুৰীয়াক চিপ লোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰা হৈছে। স্থানীয় লোকে সদৰি কৰা অনুসৰি লোহিত ঠাকুৰীয়া আছিল জুলী ডেকাৰ দ্বিতীয় স্বামী। পূৰ্বৰ স্বামীৰ মৃত্যুৰ পিছতে লোহিত ঠাকুৰীয়াৰ সৈতে বিয়া হৈছিল জুলী ডেকা। পৰকীয়া প্ৰেমৰ বাবেই এই নৃশংস ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে ৰাইজে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us