/asomiyapratidin/media/media_files/2025/04/12/ap2CAmTsz5l2qyKFJhWA.jpg)
পত্নীক ঘপিয়াই হত্যা স্বামীৰ
ডিজিটেল সংবাদ,পশ্চিম কাৰ্বি আংলং: পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তৰ হাবাঙত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পৰিয়ালকেন্দ্ৰিক সংঘাতৰ বাবে সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড।
কবিতা দেৱী (৩১) নামৰ মহিলাগৰাকীক স্বামী অৰ্জুন সোনাৰে পাৰিবাৰিক কন্দলৰ বাবে দাৰে ঘপিয়াই হত্যা কৰে ৷ অসম-মেঘালয় সীমান্তৰ হাৱাঙৰ উমছাফৌ গাঁৱত শনিবাৰে পুৱতিনিশা ৩ বজাত এই হত্যাকাণ্ডটো সংঘটিত হয় ৷ বৈঠালাংছ’ আৰক্ষীয়ে ইতিমধ্যে অৰ্জুন সোনাৰক কৰায়ত্ত কৰাৰ লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰিছে ৷