মহানগৰীত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড...

author-image
Asomiya Pratidin
New Update
মহানগৰীত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড...

ডিজিটেল ডেস্ক : মহানগৰীত শনিবাৰে নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড । গুৱাহাটীৰ প্ৰতীক্ষা হস্পিতালৰ সন্মুখত নিশা এক বাক-বিতণ্ডাৰ গইনা লৈ হত্যা কৰা হয় এগৰাকী পশু চিকিৎসক তথা ব্যৱসায়ীক । প্ৰতীক্ষা হস্পিতালৰ সন্মুখৰ ফুড হাব ৭৭ নামৰ ৰেষ্টুৰেন্ট খনত সংঘটিত হয় এই হত্যাকাণ্ডটো ।

Advertisment

শনিবাৰে নিশা প্ৰায় ১০ বজাত ৰেষ্টুৰেন্ট খনৰ মালিক আৰু এগৰাকী কৰ্মচাৰীৰ মাজত হোৱা বাক-বিতণ্ডাত বাধা দিবলৈ গৈ মৃত্যুমুখত পৰে চিকিৎসক গৰাকী । নিশাই হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সুভাষ বসুমতাৰীক ।

উল্লেখ্য যে, ৰেষ্টুৰেন্টখনত কৰ্মৰত সুভাষ বসুমতাৰীৰ মাতৃয়ে মালিকৰ পৰা পাব লগীয়া আছিল ধন । সেই সন্দৰ্ভতেই সুভাষ বসুমতাৰী আৰু ৰেষ্টুৰেন্টৰ মালিকৰ মাজত সৃষ্টি হৈছিল তুমুল বাক বিতণ্ডাৰ । তেনে সময়তেই ৰেষ্টুৰেন্টখনত উপস্থিত থকা খঞ্জিত মেধি নামৰ চিকিৎসক গৰাকীয়ে বাক-বিতণ্ডাত বাধা দিবলৈ যাওঁতেই তেওঁক আক্ৰমণ কৰে সুভাষ বসুমতাৰীয়ে । গাড়ীৰ ছাবিৰে ডিঙিত আক্ৰমণ কৰাৰ ফলত মৃত্যুমুখত পৰে চিকিৎসক গৰাকী ।

এই সন্দৰ্ভত, চিকিৎসক গৰাকীৰ সৈতে তাতে উপস্থিত থকা তেখেতৰ বন্ধু এগৰাকীৰ ভাষ্য অনুসৰি প্ৰায় ১৫০০ টকাৰ বাবে সৃষ্টি হৈছিল বাক-বিতণ্ডাৰ আৰু পৰৱৰ্তী সময়ত তাতে উপস্থিত হৈছিল সুভাষ বসুমতাৰী । বন্ধু গৰাকীয়ে দিয়া মন্তব্য অনুসৰি, নিচাসক্ত অৱস্থাত আছিল হত্যাকাৰী ।

assam murder guwahati