চিৰাঙৰ কাজলগাঁৱত অমানবীয় কাণ্ড...

চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত কৃষ্ণপুৰ গাঁৱত দিনৰ পোহৰতে সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড । স্বামীয়ে হাতুৰীৰে কোবাই কোবাই হত্যা কৰিলে নিজ পত্নীক ।

author-image
Asomiya Pratidin
New Update
337

ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত কৃষ্ণপুৰ গাঁৱত দিনৰ পোহৰতে সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড । স্বামীয়ে হাতুৰীৰে কোবাই কোবাই হত্যা কৰিলে নিজ পত্নীক ।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মূল অভিযুক্ত তথা স্বামী জিতু হেমব্ৰম (৩৫)ক। মঙলবাৰে দিনৰ ভাগত সামান্য ঘৰুৱা কাজিয়াক কেন্দ্ৰ কৰি সুৰাৰাগীত মাতাল স্বামী জিতু হেমব্ৰমে (৩৫) হাতুৰীৰে কোবাই মৰিয়াই নৃশংসভাৱে হত্যা কৰে নিজৰ পত্নী তথা দুই সন্তানৰ মাতৃ পুদীন হাছদা (৩৩) ক ।

আৰক্ষীয়ে খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈ পত্নীহন্তা স্বামী জিতু হেমব্ৰমক গ্ৰেপ্তাৰ কৰাৰ লগতে মৃত পুদীন হাছদাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ।

চিৰাং আৰক্ষী