আৰক্ষীয়ে সুধিলেও নকয়! স্বামীক হত্যা কৰি সোণমে ক'ত লুকুৱালে ১৬লাখ টকাৰ গহণা...

হনীমুনলৈ আহি স্বামীক হত্যা কৰা সোণম ৰঘূবংশীক লৈ মেঘালয় আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। সোণম আৰু আন অভিযুক্তসকলক লৈ মধ্যপ্ৰদেশতো অভিযান চলাই আৰক্ষীয়ে

author-image
Asomiya Pratidin
New Update
rjaja

ডিজিটেল ডেস্কঃ হনীমুনলৈ আহি স্বামীক হত্যা কৰা সোণম ৰঘূবংশীক লৈ মেঘালয় আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। সোণম আৰু আন অভিযুক্তসকলক লৈ মধ্যপ্ৰদেশতো অভিযান চলাই আৰক্ষীয়ে লেপটেপ, পেন ড্ৰাইভৰ লগতে অন্য কিছু সামগ্ৰী জব্দ কৰিছে।

Advertisment

মেঘালয় আৰক্ষীয়ে এই তদন্তত যথেষ্ট আগবাঢ়িছে যদিও এতিয়ালৈকে সোণমৰ মুখৰ পৰা উলিয়াব পৰা নাই বিয়াত ৰাজা ৰঘূবংশীৰ পৰিয়ালে দিয়া ১৬লাখ টকাৰ গহণাৰ সবিশেষ। কিছু গহণা আৰক্ষীয়ে জব্দ কৰিছে যদিও এতিয়ালৈকে প্ৰায় ১৪লাখ টকাৰ গহণাৰ কোনো তথ্য লাভ কৰা নাই আৰক্ষীয়ে।

সোণমেও এই গহণাখিনিৰ বিষয়ে একো নাজানো বুলি অৱগত কৰিছে আৰক্ষীক। ইফালে ৰাজা ৰঘূবংশীৰ পৰিয়ালে সদৰি কৰিছে যে,শ্বিলঙলৈ অহাৰ দিনা সোণমে কেৱল তেওঁৰ আ-অলংকাৰেই নহয়, ৰাজাৰ ডিঙিৰ চেইনডালো লগত লৈ আহিছিল।

আৰক্ষীয়ে এই দিশত তদন্তৰ বাবে ৰাজা আৰু সোণমৰ বিয়াৰ ভিডিঅ আৰু ফটো সংগ্ৰহ কৰিছে। আৰক্ষীয়ে সন্দেহ কৰিছে যে, পৰকীয়া প্ৰেমিক ৰাজৰ সৈতে মিলি বিয়াৰ গহণাখিনি বিক্ৰী কৰিছে সোণমে। 

শ্বিলং