মায়ঙত স্বামীৰ আক্ৰমণত প্ৰাণ গ'ল পত্নীৰ

মায়ঙত স্বামীৰ আক্ৰমণত প্ৰাণ গ'ল পত্নীৰ
Published on
Updated on

ডিজিটেল সংবাদ, মায়ং: সোমবাৰে মায়ং থানাৰ অন্তৰ্গত পকৰীয়া নৈৰ বালিমুখ দলঙৰ উত্তৰ পাৰে অৱস্থিত আশীঘৰত স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ। ঘটনা সন্দৰ্ভত জানিব পৰা মতে হত্যাকাৰী স্বামী নাছিৰুদ্দিনে পৰকীয়া প্ৰেমৰ সন্দেহত পত্নী ইচপিনা বেগমক দিন দুপৰতে ঘৰৰ ভিতৰত ডিঙি চেপি হত্যা কৰে। হত্যাকাণ্ড সংঘটিত কৰি নাছিৰুদ্দিন পলাই যোৱা নাছিল যদিও ঘটনাৰ খবৰ পায় ঘটনাস্থলীত উপস্থিত হোৱা মায়ং থানাৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

আটকাধীন হত্যাকাৰীজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। উক্ত ঘটনাৰ তদন্তকাৰী বিষয়া পৰিক্ষীত ফাৱে জনোৱা মতে নাছিৰুদ্দিনৰ দুটা পুত্ৰ সন্তান আছে। ৬বছৰ পূৰ্বে নাছিৰুদ্দিন আৰু ইচপিনাৰ মাজত বিবাহ হৈছিল। যোৱা কিছুদিনৰ পৰা দুয়োৰে মাজত কাজিয়া হৈ আছিল যদিও সোমবাৰে অত্যধিক খঙৰ বশৱৰ্তী হৈ নিজ পত্নীক হত্যা কৰে নাছিৰুদ্দিনে। ঘটনাটোক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

মায়ঙত স্বামীৰ আক্ৰমণত প্ৰাণ গ'ল পত্নীৰ
অসম প্ৰদেশ কংগ্ৰেছৰ শিক্ষক কোষৰ উপাধ্যক্ষ নিযুক্তি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in