/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/11/CRIME-22.jpg)
মেৰাপানীত সংঘটিত জঘন্য ঘটনাঃ স্বামীয়ে চোকা অস্ত্ৰৰে আঘাত কৰিলে পত্নীক...
ডিজিটেল সংবাদ, লংকাঃ লংকাত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। মঙলবাৰ নিশা ১বজাত সংঘটিত হয় এই হত্যাকাণ্ড। লংকা আৰক্ষী থানাৰ অন্তৰ্গত অকান্তূত সংঘটিত হৈছে এই হত্যাকাণ্ড। মুখত ক'লা কাপোৰ মাৰি তিনিজন লোকে দৰ্জা ভাঙি আব্দুল ছামাদ নামৰ লোকজনক ডিঙিত ঘপিয়াই হত্যা কৰে।
উল্লেখযোগ্য় যে আব্দুল ছামাদ দুমাহ পূৰ্বে ঘৰত বন্দুক উদ্ধাৰ হোৱাৰ অভিযোগত জে'লত আছিল। ইয়াৰ পিছতেই আব্দুলৰ হত্যাকাণ্ডই ৰহস্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Also Read: নুনমাটিত সুৰাপায়ী যুৱকৰ অতপালি: মেজিক চালকৰ পৰা লুটি নিলে ধন